March 5, 2025 12:04 PM

views 25

অসম আৰক্ষীৰ ২০২টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ এঘাৰ বজাত ফলাফল উপলব্ধ হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাবি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্লিষ্ট ৱেৱছাইটত আবেদনৰ নম্বৰ, নাম আৰু জন্মৰ তাৰিখ দাখিল কৰি ফলাফলসমূহ লাভ কৰিব। লগতে বিভিন্ন শাখাৰ উপ-পৰিদৰ্শক পদ লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী ...

March 4, 2025 10:28 AM

views 42

ডিগবৈত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ

■ ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰু নৈৰ সমীপত কালি সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন আত্মসমৰ্পণকাৰী সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখযোগ্য যে, বিগত কেইটামান দিনত তিনিচুকীয়া জিলাৰ ৪ গৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰে। ইয়াৰে দুজন সদস্যক তিনিচুকীয়া আৰক্ষীয়ে জেৰা কৰাৰ পাছত এই বিস্ফোৰক লুকুৱাই থোৱাৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে অভিযানকাল...

March 4, 2025 10:10 AM

views 38

অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তিৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব

■ ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজিৰ পৰা পৰ্যায়ক্রমে ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। সেইদৰে অহা ৬ মাৰ্চত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ আৰু ৭ মাৰ্চত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত ১২ মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু ২৭ মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়া...

February 18, 2025 1:07 PM

views 20

ভাৰত বিৰোধী কার্যকলাপত জড়িত আলী তাকিৰ শেখৰৰ গোচৰৰ বিৰুদ্ধে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট গঠন

অসম আৰক্ষীয়ে ভাৰত বিৰোধী কার্যকলাপত জড়িত থকাৰ অভিযোগত পাকিস্তানৰ আলী তাকিৰ শেখ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এই সংক্ৰান্তত তদন্তৰ বাবে অপৰাধ অনুসন্ধান শাখাৰ সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট গঠন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰে। এই তদন্তকাৰী গোটটোত আৰক্ষীৰ প্ৰশাসনীয় শাখাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামী, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অধীক্ষক ৰ’জী কলিতা আৰু গুৱাহাটীৰ মহানগৰ পশ্চিম আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত ম...

February 11, 2025 11:07 AM

views 29

গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা

এডভান্টেজ আছাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। এই সন্মিলনৰ বাবে আৰক্ষীয়ে গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা কৰিছে। মহানগৰ আৰক্ষীয়ে কালি এটা নির্দেশ যোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনেধৰণৰ শোভাযাত্রা, সমদলকে ধৰি সমূহীয়া কাৰ্যসূচীৰ ফলত মহানগৰীত ভীষণ যান-জটৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনৰ পূৰ্বে এনেধৰণৰ কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে কালি কেইবাগৰাকীও মন্ত্ৰীয়ে পর্যালোচনা বৈঠকত অংশ লৈ ৰা...

January 29, 2025 1:12 PM

views 46

অসম আৰক্ষীৰ বিশেষ অভিযানত প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ

অসম আৰক্ষীয়ে যোৱানিশা বিশেষ অভিযান চলাই প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ কৰে। কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানৰ অমৰাজানত এখন বাহনৰ পৰা ৭৪৫ গ্রাম হেৰ'ইন জব্দ কৰে আৰু এই সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি হ'ব বুলি অনুমান কৰা হৈছে। ইপিনে, নগাঁও আৰক্ষীয়ে যোৱানিশা বঘাট বাইপাছত এখন বাহন ৰখাই বাহনখনৰ পৰা ১৯ হাজাৰৰো অধিক ডাইক্ল’মাইন হাইড্ৰ’ক্লাইড কেপচুল জব্দ কৰে। এই কেপচুলখিনিৰ মূল্য ১ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত তিনিজন...

January 22, 2025 8:34 PM

views 32

তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত ২০৭ দশমিক ৫ কিলোগ্ৰাম ভাং, ২৪ গ্রাম হেৰ'ইন, ৮ হাজাৰ ৫০০ নিচাযুক্ত দ্ৰব্যৰ বড়ি, ২ হাজাৰ ব্রাউন ছুগাৰৰ পেকেট আৰু নিচা কৰিব পৰা কাহৰ জুলীয়া ঔষধৰ ৩৬৮টা বটল আছিল। এই নিচাযুক্ত দ্রব্যখিনিৰ বজাৰ মূল্য প্রায় একো কোটি ৬৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

January 22, 2025 8:28 PM

views 31

সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ৬জন লোকক গ্ৰেপ্তাৰ

অসম চৰকাৰে ৰাজ্যত গো হত্যা নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত এটা সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন কামৰূপ জিলাৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আচলপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অসম পশুধন সংৰক্ষণ আইনৰ অধীনত হাতীগাওঁ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল।

January 19, 2025 7:27 PM

views 29

তামুলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

তামুলপুৰৰ ভূটান সীমান্তত তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই পেট্ৰ'ল ভর্তি ৫খন অবৈধ বাহন জব্দ কৰাৰ লগতে ৬গৰাকী লোকক আটক কৰে। ভূটানৰ পৰা পুৱতি নিশা অবৈধভাৱে পেট্ৰ'ল আনি থকা অৱস্থাত এই বাহনসমূহ জব্দ কৰিবলৈ আৰক্ষী সক্ষম হয়। উল্লেখযোগ্য যে, ভূটানত ৬৩টকাত ক্ৰয় কৰা পেট্ৰ'ল অবৈধভাৱে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বজাৰত অতিৰিক্ত দামত তেল মাফিয়াসকলে বিক্ৰী কৰি আহিছে। তেল মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।

January 19, 2025 7:00 PM

views 32

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰেট হ’ল মাইনিং বন্ধ কৰিবলৈ অসম আৰক্ষীৰ তৎপৰতা গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই অসম আৰক্ষীয়ে ৰাজ্যত চলি থকা ৰেট হ'ল মাইনিং অর্থাৎ এন্দুৰৰ গাঁত সদৃশ কয়লা খনিৰ খনন বন্ধ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে কয় যে ৭ দিনৰ ভিতৰত ৰেট হ'ল মাইনিং বন্ধ কৰা হ'ব। মাৰ্ঘেৰিটা, লিডু, লেখাপানী আদি অঞ্চলত এতিয়াও ৰেট হ'ল মাইনিং চলি আছে বুলি তেওঁ উল্লেখ কৰে।