April 23, 2025 7:54 PM

views 18

বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ

মানকাচৰ আৰক্ষীয়ে আজি বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত অভিযান চলাই ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ কৰে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিয়লি প্রায় ৫ বজাত কুকুৰমাৰাৰ নুৰ কালাম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই এই টেবলেটখিনি জব্দ কৰে। জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ মূল্য ১০ লাখৰো অধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।

April 16, 2025 1:30 PM

views 9

শিলচৰত ৱকফ আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ৭ জন লোকক কাচাৰ আৰক্ষীৰ গ্রেপ্তাৰ

কাচাৰ আৰক্ষীয়ে শিলচৰৰ বেবেংগাত যোৱা দেওবাৰে ৱকফ আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সংক্ৰান্তত ৭ জন লোকক গ্রেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষক নোমান মাহাট্টাই প্রকাশ কৰা মতে, আৰক্ষীয়ে যোৱা নিশা শিলচৰ থানাৰ অধীনৰ ভাগাদহৰ আৰু কাশিপুৰ অঞ্চলত অভিযান চলাই এই ঘটনাত প্রাথমিকভাৱে জড়িত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘটনাৰ তদন্ত অব্যাহত আছে।

April 14, 2025 7:48 PM

views 11

পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ কঠোৰ ব্যৱস্থা

গুৱাহাটী মহানগৰীত পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত পথ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যান-বাহন আইন কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ আইন উলংঘাকাৰী চালকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তালাচী অভিযান তীব্ৰ কৰি তোলা হৈছে। আৰক্ষীয়ে কালি পৰ্যন্ত কমেও ৯৪ খন ডাম্পাৰ নিৰীক্ষণ কৰাৰ লগতে ১৭টা আইন উলংঘনকাৰী কাৰ্য চিনাক্ত কৰে। আৰক্ষীয়ে এই অভিযানৰ পাছত এজাহাৰ দাখিল নকৰাকৈয়ে ছটা গোচৰ আদালতলৈ প্ৰেৰণ কৰিছে। তদুপৰি ছখন ই-চালান জাৰি কৰা হৈছে, তিনিখন ...

April 9, 2025 7:04 PM

views 16

২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে মহানগৰ আৰক্ষীৰ কেতবোৰ নিষেধাজ্ঞা

 খানাপাৰা আৰু যোৰাবাটৰ মাজৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে এই পথছোৱাৰে যাতায়াত কৰা যান-বাহনসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে কেতবোৰ বিধি নিষেধ আৰোপ কৰিছে। সেই অনুসৰি উজনি অসমৰ পৰা নামনি অসমলৈ অহা সকলোবোৰ মালবাহী ট্রাক কলিয়াবৰ তিনিআলি-তেজপুৰৰ মিছন চাৰিআলি-মঙলদৈ-বাইহাটা চাৰিআলি হৈ চলাচল কৰিব লাগিব।        মেঘালয়, নগাঁও আৰু মৰিগাঁৱৰ পৰা অহা সকলো মালবাহী ট্রাক কেৱল নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰতহে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব পাৰিব । উজনি অসমৰ পৰা অহা সকলোবোৰ লঘু যান-বাহন ২৭ নম...

April 7, 2025 8:21 PM

views 24

অসম আৰক্ষীৰ উদ্যোগত ইনফেনছিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ

অসম আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সম্পৰ্কীয় ইনফেনছিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ আজি গুৱাহাটীত অনুষ্ঠিত হয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, বলিউদৰ অভিনেত্রী নেহা ধুপীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থকা এই আলোচনাত ডিজিটেল মাধ্যমসমূহত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে অনলাইন মাধ্যমে শিশুৰ ওপৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়টো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে সামাজিক...

April 6, 2025 9:25 PM

views 18

কাছাৰ আৰক্ষীৰ নাবালিকা বিক্ৰীৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে নাবালিকাক বিক্ৰী কৰাৰ অভিযোগত ৰূপালী দত্ত নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি কাছাৰৰ গুমৰা চাহ বাগিছা অঞ্চলৰ এগৰাকী নাবালিকাক ৰাজস্থানত বিক্ৰীৰ চক্ৰান্ত কৰা হৈছিল। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত ৰূপালী দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জানিবলৈ দিয়া অনুসৰি তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা ৰূপালী দত্তক গ্ৰেপ্তাৰ কৰা হৈছে। শিলচৰৰ পৰা যোৱা আৰক্ষীৰ দলে ৰূপালীক গ্ৰেপ্তাৰ কৰে।

March 17, 2025 6:29 PM

views 11

চুৰি কাৰ্যৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা মণিপুৰৰ এটা চক্ৰ উৎখাত অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা মটৰ চাইকেলকে ধৰি অন্যান্য বাহন চুৰি কাৰ্যৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা মণিপুৰৰ এটা চক্ৰ উৎখাত কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে অভিযান চলাই মেঘালয় আৰু বাংলাদেশ সীমান্তৰ পৰা ১৩ খন মটৰ চাইকেল আৰু ৩ খন চাৰিচকীয়া বাহন উদ্ধাৰ কৰে। এই চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত মণিপুৰৰ ১৩ জন লোকক আৰক্ষীয়ে আটক কৰে। তদন্তৰ সময়ছোৱাত আৰক্ষীয়ে গুৱাহাটীৰ পৰা মটৰচাইকেল চুৰি কৰি নৈশ বাছেৰে মণিপুৰলৈ লৈ যোৱাৰ বিভিন্ন তথ্যও লাভ কৰে ।  

March 17, 2025 6:12 PM

views 8

৬ এপ্ৰিলত অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে ইতিমধ্যে জাননীযোগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষীৰ মুঠ ৫ হাজাৰ ৫৬৩টা পদৰ বাবে অনুষ্ঠিত শাৰীৰিক পৰীক্ষাৰ ফলাফলসমূহ যোৱা ১২ মাৰ্চত ঘোষণা কৰা হয়। ৬ এপ্ৰিলৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্য প্ৰাৰ্থীসকলে ১ এপ্ৰিলৰ পুৱা ১১ বজাৰ পৰা প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব ।

March 9, 2025 7:25 PM

views 17

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিচাযুক্ত দ্ৰব্যসহ কেইবাজনো সৰবৰাহকাৰীক আৰক্ষীৰ আটক

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি নিচাযুক্ত দ্ৰব্যসহ কেইবাজনো সৰবৰাহকাৰীক আটক কৰিছে। এটা গোপন সূত্ৰৰ পম খেদি অভিযান চলাই চতিয়া আৰক্ষীয়ে মাজবাটৰ পৰা বিশ্বনাথলৈ অবৈধভাৱে সৰবৰাহ কৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চতিয়াৰ নাগশংকৰৰ সন্মুখত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰে যাতায়াত কৰি থকা অৱস্থাত দুয়োগৰাকী সৰবৰাহকাৰীক আটক কৰা হয়। গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে চলোৱা এটা অভিযানত নিচাযুক্ত দ্রব্যসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। গোপন তথ্যৰ ভিত্তিত খান...

March 6, 2025 10:40 AM

views 32

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদৰ ফলাফল দিনৰ ১১ বজাত ৱেৱছাইটযোগে ঘোষণা হ’ব

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ ১১ বজাত ফলাফল উপলব্ধ হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাৰি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্লিষ্ট ৱেৱছাইটত আবেদনৰ নম্বৰ, নাম আৰু জন্মৰ তাৰিখ দাখিল কৰি ফলাফলসমূহ লাভ কৰিব। লগতে বিভিন্ন শাখাৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেট...