May 27, 2025 11:43 AM

views 77

কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, মাদক দ্রব্যসহ যুৱকক গ্ৰেপ্তাৰ

◆ কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছে যোৱা নিশা অভিযান চলাই জিলাখনৰ পূব ধলাইৰ মোহনখাল, ৰাম মানিকপুৰ গাঁও পঞ্চায়তৰ স্মিথ নগৰ বনগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু মাদক দ্রব্যসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজনৰ পৰা ৫৬টা চাবোনৰ বাকচত ৬৪৮ গ্রাম হেৰ'ইন উদ্ধাৰ কৰা হয়। এই হেৰ’ইনখিনিৰ বজাৰ মূল্য প্রায় ৩.৫০ কোটি হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। লোকজনৰ পৰা এটা পিষ্টল, দুটা মেগজিন আৰু ১৯টা গুলী জব্দ কৰা হয়। ধৃত লোকজন লক্ষীপুৰ থানা এলেকাৰ দিলকুচ গ্রাণ্টৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

May 27, 2025 11:28 AM

views 90

বাংলাদেশী সন্দেহত আটকাধীন ২ হাজাৰৰো অধিক লোকৰ ভিতৰত ১৫০ জনক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ অসম আৰক্ষীৰ

■ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশী সন্দেহত আটক কৰা ২ হাজাৰৰো অধিক লোকৰ ভিতৰত ১৫০ জন লোকক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ কৰিছে। এই লোকসকলক পুনৰ বাংলাদেশলৈ প্ৰেৰণৰ বাবে বি এছ এফে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। যোৱা শনিবাৰৰ পৰা কালিপৰ্যন্ত গোলাঘাটৰ মৰঙী আৰু নুমলীগড়ৰব আৰক্ষীয়ে ৫১ জন সন্দেহজনক লোকক আটক কৰিছে। আটক কৰা লোকসকলৰ অধিকাংশই নুমলীগড় শোধনাগৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে দেশৰ সক...

May 26, 2025 8:06 PM

views 66

অসম আৰক্ষীৰ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত

অসম আৰক্ষীয়ে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। অভিযানৰ অংশ হিচাপে গোলাঘাট জিলাত ৭০জনতকৈও অধিক সন্দেহজনক লোকক আটক কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছে। ইয়াৰ ৪০গৰাকী লোকক নিশা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা অন্য স্থানলৈ নিয়াৰ তথ্য লাভ কৰা হৈছে। গোলাঘাট আৰক্ষীয়ে মেৰাপানী, নুমলীগড়, সৰুপথাৰ, উৰিয়ামঘাট, শালমৰাটুপ আদি বিভিন্ন অঞ্চলৰ পৰা সন্দেহজনক লোকক আটক কৰে।

May 26, 2025 12:23 PM

views 83

ৰাজ্যত বিগত কিছু দিনত দুহেজাৰ জনৰো অধিক বাংলাদেশী নাগৰিকক আটক

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ ৰহিংগীয়া নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানমৰ্মে ৰাজ্যখনত বিগত কিছু দিনত দুহেজাৰ জনৰো অধিক বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ সকলো তথ্য এমাহৰ ভিতৰত চালি-জাৰি চোৱাৰ লগতে এই সময়ছোৱাত এই তথ্যসমূহ প্রমাণিত নহ’লে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিয়া হৈছে। অসম আৰক্ষীয়ে এই নিৰ্দেশৰ পাছতে অভিযান তীব্ৰতৰ কৰি তোলে। মৰিগাঁও জিলাত কালি আৰক্ষীয়...

May 25, 2025 8:46 PM

views 67

কাচাৰ আৰক্ষীৰ শিলচৰত চাৰিচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ হেৰইন জব্দৰ লগতে ৩ জন সৰবৰাহকাৰীক আটক

কাচাৰ আৰক্ষীয়ে শিলচৰৰ সমীপৰ সোনাবাৰী ঘাট বাইপাচ এলেকাত অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে ৩ জন সৰবৰাহকাৰীক আটক কৰে। জব্দ কৰা এক কিলোগ্ৰামৰো অধিক হেৰইনৰ বজাৰ মূল্য প্রায় চাৰে ছয় কোটি হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। কাচাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে বাহনখন মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা ৩ দিন পূৰ্বে ৰাওনা হৈছিল। আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই সন্দৰ্ভত কাচাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

May 24, 2025 7:27 PM

views 53

দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অধীনত এই পর্যন্ত ৭৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ নলবাৰী, দক্ষিণ শালমাৰা মানকাচৰ আৰু কামৰূপ আৰক্ষীয়ে ক্ৰমে কুৰবান আলী, আমিৰুল ইছলাম আৰু ৰছিদ শিকদাৰক দেশ বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি প'ষ্ট দিয়াৰ অভিযোগত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই বিষয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।

May 24, 2025 5:31 PM

views 51

দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অধীনত এই পর্যন্ত ৭৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ নলবাৰী, দক্ষিণ শালমাৰা মানকাচৰ আৰু কামৰূপ আৰক্ষীয়ে ক্ৰমে কুৰবান আলী, আমিৰুল ইছলাম আৰু ৰছিদ শিকদাৰক দেশ বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি পষ্ট দিয়াৰ অভিযোগত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই বিষয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে।

May 21, 2025 9:20 PM

views 59

নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা

বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ লোৱাৰ গোচৰত নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। ২০১৬ চনৰ ২১ অক্টোবৰত এজন লোকৰ পৰা ৫ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ আজি বিশেষ ন্যায়াধীশৰ আদালতে গুপ্তাক দোষী সাব্যস্ত কৰে।

May 19, 2025 8:15 PM

views 58

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ বাবে প্রতিষ্ঠানটোত সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ড° শৰ্মাই প্রতি ছমাহত অসম আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইনৰ শাসন সুনিশ্চিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক লক্ষ্য স্থিৰ কৰি দিছিল। কাইলৈ এই সন্মিলনত মুখ্যমন্ত্ৰী ...

May 19, 2025 8:07 PM

views 68

দেশবিৰোধী মন্তব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ ৭১ জন লোকক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান চলাই এতিয়ালৈকে বিভিন্ন জিলাৰ পৰা ৭১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত কোকৰাঝাৰৰ পৰা ৰূপচান্দ আলী, গোৱালপাৰাৰ পৰা ৰছিদ মণ্ডল আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাজু শ্বেইখ নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টি গোচৰ হ...