September 26, 2025 11:47 AM

views 54

শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত আৰক্ষীৰ অভিযান

● শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট - এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰজনৰ ঘৰৰ বাহিৰত উত্তেজিত একাংশ লোকে শিল নিক্ষেপ কৰাত ১৫ জনৰো অধিক আৰক্ষী আৰু চি আই ডিৰ লোক আহত হোৱাৰ লগতে দুখন বাহনো ক্ষতিগ্রস্ত হয়। আৰক্ষীয়ে উত্তেজিত জনতাক বহু কষ্...

September 8, 2025 12:25 PM

views 19

মাদক দ্রব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বিশেষ সফলতা লাভ

অসম আৰক্ষীয়ে মাদক দ্রব্য বিৰোধী অভিযানত বিশেষ সফলতা লাভ কৰিছে। কাছাৰ আৰক্ষীয়ে কালি টোলেনগ্রামত অভিযান চলাই বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে। জব্দ কৰা মাদক দ্রব্যখিনিৰ বজাৰ মূল্য ডেৰ কোটিৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। এই সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক আটক কৰে। ইপিনে, গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৰাধা নগৰৰ চলত অভিযান চলাই বুজন পৰিমাণৰ হেৰ'ইনসহ এজন লোকক আটক কৰে। মাদকদ্রব্যখিনিৰ বজাৰ মূল্য প্রায় দুই কোটি টকা বুলি আৰক্ষীয়ে জনাইছে।

September 7, 2025 8:38 PM

views 21

শিলচৰ আৰক্ষীৰ দুজন ভুৱা দন্ত চিকিৎসকক আটক

ভাৰতীয় দন্ত চিকিৎসক সন্থাৰ অসম শাখাই দাখিল কৰা অভিযোগ অনুসৰি শিলচৰ আৰক্ষীয়ে আজি চহৰখনত অভিযান চলাই দুজন ভুৱা চিকিৎসকক আটক কৰে। যোৱা দহ বছৰ ধৰি এই চিকিৎসক দুজনে চিকিৎসা চলাই আহিছিল। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মহাত্তাই প্ৰকাশ কৰা মতে আজি আৰক্ষীৰ দলটোৱে তালাচী চলাই কামৰুল ইছলাম হাজাৰী আৰু টিংকু মজুমদাৰ নামৰ ভুৱা চিকিৎসক দুজনক আটক কৰে। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে।

September 5, 2025 8:36 PM

views 21

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৩জন লোকক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে আজি ঠিকাদাৰী প্ৰতিষ্ঠানৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। নলা নিৰ্মাণৰ সময়ত সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আৰক্ষীয়ে ভার্তিয়া ইনফ্রা প্রকল্প লিমিটেডৰ সঞ্চালক অবিনাশ ভার্তিয়া, নিৰাপত্তা অভিযন্তা কৌশিক গগৈ আৰু উপ প্ৰকল্প প্ৰৱন্ধক প্ৰসন্ন জিৎ পাঠকক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সংক্রান্তত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ আৰু অধিক লোক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জনাইছে। উল্লেখযোগ্য যে মৃত শিশুটিৰ পিতৃ...

September 5, 2025 6:33 PM

views 21

কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে আজি কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। এই বৈঠকত সকলো উচ্চ পদস্থ বিষয়াৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে এই বৈঠকত অংশ লয়। সঞ্চালক প্ৰধান গৰাকীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে অসম আৰক্ষীক দেশৰ শীৰ্ষ পাঁচটা আৰক্ষী বাহিনীৰ ভিতৰত অন্তৰ্ভূক্ত কৰাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে । ইয়াৰ বাবে আৰক্ষী বাহিনীৰ আন্তঃগাঁথনি নিৰাপত্তা ব্যৱস্থা আৰু সেৱাৰ উন্নয়ন সন্দৰ্ভত গুৰুত্ব দিয়া হৈছে বুলি তে...

August 25, 2025 10:37 AM

views 18

মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ শ্ৰীভূমি আৰক্ষীৰ

■ শ্ৰীভূমি আৰক্ষীয়ে যোৱা নিশা মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য তিনি কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰে।

August 21, 2025 8:34 PM

views 18

বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িতৰ অভিযোগত অসম আৰক্ষীয়ে দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ লোকক আটক

নগাঁও জিলাৰ বিভিন্ন ব্যক্তিৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে কালি দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ এজন লোকক আটক কৰে। ধৃত লোকজনে অনলাইন ট্রেডিঙৰ জৰিয়তে প্রায় ৮০ কোটি টকা আত্মসাৎ কৰি যোৱা দুমাহ ধৰি পলাতক হৈ আছিল। নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অনিৰ্বাণ দেউৰীক আটক কৰে। আৰক্ষীয়ে যোৱা নিশা দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনাৰ পাছত অনিৰ্বাণ দেউৰীক আজি নগাঁও সদৰ থানাত হাজিৰ কৰোৱা হয়। নগাঁও আৰক্ষীয়ে অন...

August 11, 2025 12:03 PM

views 25

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্রব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰ বালাজান দ্বিতীয় খণ্ড গাঁৱত মাদকদ্রব্য বিক্ৰী কৰি থকাৰ সময়তে অঞ্চলটোৰ লোকে সৰবৰাহকাৰীকেইজনক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱককেইজন লালকুৰাৰ জাকিৰুল হক, বালাজানৰ ছফিকুল হক আৰু আবু তালেব শ্বেইখ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে যুৱককেইজনৰ পৰা মাদকদ্ৰব্য ভৰ্তি ছটা কণ্টেইনাৰ আৰু দুটা ম'বাইল ফোন জব্দ কৰে। ইপিনে, কাছাৰ জিলা আৰক্ষীয়ে শিলচৰ চহৰত ...

August 10, 2025 12:05 PM

views 5

স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ আৰক্ষীৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা

স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ ৫ খন জিলা ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ যোৱানিশা ডিব্ৰুগড়ৰ আৰক্ষী অতিথি শালাত এখন উচ্চ স্তৰীয় পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত তেলৰ পাইপ লাইন, ৰে'লপথ বৃহৎ দলং আৰু অন্য গুৰুত্বপূৰ্ণ সম্পত্তিসমূহৰ সুৰক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। একেদৰে দেশৰ শক্তিখণ্ডত উজনি অসমত গুৰুত্বৰ কথা বিবেচনা কৰি অইল ইণ্ডিয়া লিমিটেডৰ খাদ আৰু পাইপ লাইন আদিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। এই পু...

August 5, 2025 11:37 AM

views 22

শিলচৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা আগবঢ়াই থকা ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

■ শিলচৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা আগবঢ়াই থকা এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰি ৬ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। পুলক মালাকাৰ নামৰ এই চিকিৎসকজনে ২০১৬ চনৰ পৰাই ভুৱা চিকিৎসকৰ প্ৰমাণ পত্ৰ দাখিল কৰি ৰোগীক চিকিৎসা কৰি আহিছিল বুলি কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লোকজনৰ নথিপত্ৰ পৰীক্ষণৰ অন্তত ভুৱা বুলি প্ৰমাণিত হোৱাত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ পাছত কালি শিলচৰৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ছদিনৰ আৰ...