June 13, 2024 6:20 PM June 13, 2024 6:20 PM
6
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত
অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মৰিগাঁও জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত ১২ জন লোকক আটক কৰে। আৰক্ষীয়ে মায়ং, লাহৰিঘাট, ভুৰাগাঁও, বৰচলা আৰু মৈৰাবাৰীত অভিযান চলাই বিভিন্ন বেংকৰ পাছবুক, চেকবুক, পানকাৰ্ড, আধাৰকাৰ্ড, মোবাইল ফোন, লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে। মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে ৷ জিলাখনৰ মায়ং থানাৰ এলেকাৰ পৰা আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে দু...