November 14, 2024 11:50 AM November 14, 2024 11:50 AM
11
তিনিচুকীয়া আৰক্ষী পকচ’ গোচৰৰ ক্ষীপ্ৰ তদন্ত কৰি সফলতা অৰ্জনৰ বাবে মহিলা আৰক্ষী বিষয়া লবিতা দাস আৰু গৌৰী কমল হাজৰিকাক অভিনন্দন
তিনিচুকীয়া আৰক্ষী পকচ’ গোচৰৰ ক্ষীপ্ৰ তদন্ত কৰি সফলতা অৰ্জন কৰাৰ বাবে দুগৰাকী মহিলা আৰক্ষী বিষয়া লবিতা দাস আৰু গৌৰী কমল হাজৰিকাক অভিনন্দন জ্ঞাপন কৰিছে। গোচৰ উপ-পৰিদৰ্শক দুগৰাকীয়ে কৰা তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানা আৰু তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ গোচৰৰ তদন্তৰ ভিত্তিত দোষীয়ে শাস্তি লাভ কৰে। বৰডুবিৰ গোচৰৰ দোষীয়ে ২০ বছৰ কাৰাদণ্ড লাভ কৰাৰ লগতে তিনিচুকীয়া সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ দোষীয়ে ৫ বছৰৰ কাৰাদণ্ড লাভ কৰে৷