December 18, 2024 1:24 PM

views 15

ধুবুৰী আৰু কোকৰাঝাৰ জিলাত আৰক্ষীৰ অভিযানত নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী গোট জামাত-উল-মুজাহিদিনৰ সৈতে জড়িত ৮ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ

আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে আজি নিচেই পুৱা ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অভিযান চলাই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী গোট জামাত-উল-মুজাহিদিনৰ সৈতে জড়িত ৮ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে কোকৰাঝাৰৰ জয়পুৰৰ নামপাৰাৰ পৰা চাৰিজন লোকক আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুলিগাঁৱৰ পৰা আন ৪জন জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে।

December 13, 2024 6:32 PM

views 36

নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক

নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে কালি নিশা নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কণ্টেনাসহ প্রায় ৮৫৩ টা নিষিদ্ধ টেবলেট আৰু নগদ ধন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

December 9, 2024 1:45 PM

views 20

শ্রীভূমি জিলাৰ অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ

শ্রীভূমি জিলাৰ চূড়াইবাৰী আৰক্ষীয়ে কালি অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ কৰে। এখন পিঁয়াজভর্তি ট্রাকত কলকতাৰ পৰা অসম হৈ ত্ৰিপুৰালৈ এই কাহৰ ঔষধখিনি কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে ঔষধখিনি জব্দ কৰে। ২৯৪ টা বাকচত এই ঔষধখিনি ট্রাকখনত কঢ়িয়াই অনা হৈছিল।

December 8, 2024 7:19 PM

views 13

গুৱাহাটীৰ  অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ বৰ্তমান আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰমিলন সন্মিলন অনুষ্ঠিত

গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰমিলন সন্মিলন অনুষ্ঠিত হয়। কালিৰে পৰা হোৱা সন্মিলনখনৰ আজি বিয়লি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থাকে। অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীর্ষক বিষয়াসকলে পুনৰমিলন সন্মিলনত অংশগ্ৰহণ কৰি আৰক্ষীয়ে সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানসকলৰ অভিজ্ঞতাৰে অনাগত সময়ত ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস...

November 14, 2024 11:50 AM

views 18

তিনিচুকীয়া আৰক্ষী পকচ’ গোচৰৰ ক্ষীপ্ৰ তদন্ত কৰি সফলতা অৰ্জনৰ বাবে মহিলা আৰক্ষী বিষয়া লবিতা দাস আৰু গৌৰী কমল হাজৰিকাক অভিনন্দন

তিনিচুকীয়া আৰক্ষী পকচ’ গোচৰৰ ক্ষীপ্ৰ তদন্ত কৰি সফলতা অৰ্জন কৰাৰ বাবে দুগৰাকী মহিলা আৰক্ষী বিষয়া লবিতা দাস আৰু গৌৰী কমল হাজৰিকাক অভিনন্দন জ্ঞাপন কৰিছে। গোচৰ উপ-পৰিদৰ্শক দুগৰাকীয়ে কৰা তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানা আৰু তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ গোচৰৰ তদন্তৰ ভিত্তিত দোষীয়ে শাস্তি লাভ কৰে। বৰডুবিৰ গোচৰৰ দোষীয়ে ২০ বছৰ কাৰাদণ্ড লাভ কৰাৰ লগতে তিনিচুকীয়া সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ দোষীয়ে ৫ বছৰৰ কাৰাদণ্ড লাভ কৰে৷

November 6, 2024 1:32 PM

views 33

ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।...

November 6, 2024 1:21 PM

views 32

প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগতাৰ বাবে চাইবাৰ শাখাৰ বিজ্ঞপ্তি প্রকাশ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চাইবাৰ শাখাই চাইবাৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জনসাধাৰণক সজাগ কৰাৰ বাবে এখন বিজ্ঞপ্তি প্রকাশ কৰিছে। বিজ্ঞপ্তি অনুসৰি কোনো ধৰণৰ প্রলোভন বা কমিচনৰ আশাত নিজৰ বেংক একাউণ্ট অন্য কোনো ব্যক্তিক ব্যৱহাৰ কৰিবলৈ দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। তেনে কৰিলে সেই লোকজনকো চাইবাৰ অপৰাধী হিচাপে গণ্য কৰা হব। যদি কোনো বেংকৰ কৰ্মীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত সন্দেহজনক একাউণ্ট খোলাত সহায় কৰে তেন্তে তেনে বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল...

November 1, 2024 7:43 PM

views 27

কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত ২ বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীৰ এটা দলে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত দুজন বাংলাদেশী নাগৰিকক আটক কৰে। পৰৱৰ্ত্তী সময়ত দুয়োজন লোকক সীমান্তৰ সিপাৰে পঠিয়াই দিয়া হৈছে। অসম আৰক্ষীয়ে অনুপ্রবেশ ৰোধৰ ক্ষেত্ৰত চলাই অহা নিৰন্তৰ প্ৰয়াসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শলাগ লয়৷

October 20, 2024 6:41 PM

views 19

অসম আৰক্ষীৰ আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ

বিশেষ কার্যবাহিনী এছ টি এফে আজি আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজনক কৰায়ত্ত কৰে। মণিপুৰৰ কাংপকপিৰ পৰা নামনি অসমলৈ ট্ৰাকেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰোতে এই অভিযান চলোৱা বুলি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিছে। জব্দ কৰা হেৰোইনখিনিৰ ওজন ৬৩৭ গ্ৰাম আৰু আন্তঃৰাষ্ট্ৰীয় কলাবজাৰত ইয়াৰ দাম প্রায় ৬ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। অভিযানত আটক হোৱা সহকাৰী ট্রাক চালক দুজনক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

October 9, 2024 7:38 PM

views 20

অপহৰণ কাণ্ডত জড়িতৰ অভিযোগত ৪ অভিযুক্তক গোৱালপাৰা আৰু কোকৰাঝাৰৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

মহানগৰ আৰক্ষীয়ে অপহৰণ কাণ্ডৰে জড়িত থকাৰ অভিযোগত চাৰিজন অভিযুক্তক যোৱা নিশা গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৭ ছেপ্তেম্বৰত দুজনকৈ অচিনাকী লোকে গাড়ী ভাড়া কৰাৰ চলেৰে অমিত কুমাৰ সিংহ নামৰ চালক এজনক অপহৰণ কৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলালৈ লৈ গৈছিল। ইতিমধ্যে চালক সিংহক আৰক্ষীয়ে উদ্ধাৰ কৰে। ইয়াৰ পাছতে যোৱা নিশা অভিযান চলাই গোৱালপাৰা জিলাৰ মফিদুল হক, ৰফিকুল হুছেইন, ছাৰিফুল ইছলাম আৰু মিজানুৰ ৰহমান নামৰ অভিযুক্ত চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমর...