March 17, 2025 12:52 PM

views 36

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে ৬ এপ্ৰিলত লিখিত পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে কালি এখন জাননীযোগে এই কথা প্ৰকাশ কৰে। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি পৰিষদে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিজ্ঞাপন অনুসৰি নিযুক্তি পৰীক্ষা অনুষ্ঠিত নোহোৱা বুলি একাংশ প্রার্থীয়ে অভিযোগো উত্থাপন কৰিছিল। অসম আৰক্ষীৰ মুঠ ৫ হাজাৰ ৫৬৩টা পদৰ বাবে অনুষ্ঠিত শাৰীৰিক পৰীক্ষাৰ ফলাফলসমূহ যোৱা ১২ মাৰ্চত পৰিষদে ঘোষণা কৰিছিল। ৬ এপ্ৰিলৰ ল...