November 16, 2025 7:38 PM

views 29

ৰাজ্যৰ আৰক্ষী বিভাগত শীঘ্রেই ৪ হাজাৰ নতুন পদ মুকলি হ’ব: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰাজ্যৰ আৰক্ষী বিভাগত শীঘ্রেই ৪ হাজাৰ নতুন পদ মুকলি হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমৰ জৰিয়তে এইকথা সদৰি কৰিছে। ৰাজ্যখনৰ ২ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা লক্ষ্য এই পদক্ষেপে ত্বৰান্বিত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ কয় যে বিজেপি চৰকাৰৰ নেতৃত্বত সম্প্রতি স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিত যুৱক-যুৱতীসকলে নিয়োগৰ সুবিধা লাভ কৰিছে। চৰকাৰে কোনো উপঢৌকন অবিহনে চাকৰি লাভ কৰিব পৰা এটা পৰিবেশ গঢ়ি তোলা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মত প...