July 29, 2024 12:59 PM

views 46

কাছাৰত ৯ কোটি টকাৰ মেথামফেটামাইন টেবলেটসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে শনিবাৰৰ নিশা কাছাৰ জিলাৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্রায় ৯ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ কৰে। আৰক্ষীয়ে এটা গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ কটাখাল এলেকাত শনিবাৰৰ নিশা অভিযান চলাই আব্দুল আলিম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে য়াবা টেবলেট হিচাপে পৰিচিত মাদক দ্রব্যখিনি জব্দ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ড্ৰাগছমুক্ত অসম নিৰ্মাণৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আৰক্ষীৰ শলাগ লয়। আৰক্ষীয়ে এই ড্ৰা...