December 21, 2024 12:45 PM

views 13

৫ জানুৱাৰীত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ২০৩টা বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ২০৩টা বিভিন্ন পদৰ বাবে অহা ৫ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অহা ২৩ ডিচেম্বৰত এই লিখিত পৰীক্ষাৰ প্ৰৱেশ পত্ৰসমূহ প্ৰকাশ কৰা হ'ব। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীয়ে slprbassam.in ৱেবছাইটৰ পৰা প্ৰৱেশ পত্ৰবোৰ ডাউনলোড কৰিব পাৰিব বুলি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে এই কথা সদৰি কৰিছে। উল্লেখযোগ্য যে এই নিযুক্তি পৰীক্ষাত অনুষ্ঠিত হ'বলগীয়া ২০৩টা উপ-পৰিদৰ্শকৰ পদৰ ভিতৰত ১৪৪টা ইউ বি, ৫১টা এ বি, ৭টা কমিউনিকেচন আৰু এটা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-ন...