October 1, 2025 8:57 PM October 1, 2025 8:57 PM

views 27

আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

October 1, 2024 7:55 PM October 1, 2024 7:55 PM

views 11

অসম আৰক্ষী দিৱস উপলক্ষে প্ৰতিগৰাকী আৰক্ষীলৈ জি পি সিঙৰ শুভেচ্ছা জ্ঞাপন

আজি ৭৪ সংখ্যক অসম আৰক্ষী দিৱস। অসম আৰক্ষী দিৱস উপলক্ষে প্ৰতিগৰাকী আৰক্ষীলৈ সঞ্চালক প্রধান জি পি সিঙে শুভেচ্ছা জ্ঞাপন কৰে। লগতে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে অসম আৰক্ষীয়ে সদায় ৰাইজৰ সৈতে থাকি সহায় কৰি যাব বুলি মন্তব্য কৰে। ১৯৫১ চনৰ এক অক্টোবৰত ভাৰতীয় আৰক্ষী বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ বীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৫১ চনৰ এক অক্টোবৰত অসম আৰক্ষী প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰা আই পি এছ বিষয়া এছ কে আৰ চৌধুৰ...

October 1, 2024 12:47 PM October 1, 2024 12:47 PM

views 9

সমগ্ৰ ৰাজ্যতে আজি অসম আৰক্ষী দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি অসম আৰক্ষী দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে শোণিতপুৰত আয়োজন কৰা দিৱসৰ কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে অংশগ্ৰহণ কৰি প্ৰতিকুল পৰিস্থিতিৰ মাজতো জনসাধাৰণৰ সেৱাৰ বাবে আৰক্ষীয়ে নিৰন্তৰ কাম কৰি যাব বুলি মত প্ৰকাশ কৰে। ইফালে, ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি অসম আৰক্ষী দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰাৰ পাছত আৰক্ষীৰ জোৱানসকলক শপত বাক্য পাঠ কৰোৱা হয়৷