April 8, 2024 11:48 AM

views 28

অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ১০২ সেৱা আৰম্ভ কৰিব অসম আৰক্ষীয়ে

অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰেই ১০২ সেৱা আৰম্ভ কৰিব। ট’ল ফ্রি এই নম্বৰত ফোন কৰিলেই অসম আৰক্ষীৰ লোক ঘৰলৈ আহি অভিযোগৰ ভিত্তিত এজাহাৰ গ্ৰহণ কৰিব। দেৰগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সেৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আৰক্ষীৰ ১০২ সেৱাৰ মুখ্য কাৰ্যালয় দেৰগাঁৱত কৰাৰ বাবে প্ৰস্তাৱ দিছে। দেৰগাঁৱৰ পৰা ১০২ সেৱা নিয়ন্ত্ৰণ কৰা হ'ব। এই সেৱা প্ৰৱৰ্তন হ'লে ৰাইজে এজাহাৰৰ বাবে থানালৈ যোৱাৰ প্ৰয়োজন নাথাকিব। এজন অ’চিসহ আ...