October 7, 2026 8:34 PM
2
ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন
ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন কৰিছে। ধুবুৰী আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই ৯ কোটি টকা মূল্যৰ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্রী উদ্ধাৰ কৰা হৈছে। অভিযানকালত বিভিন্ন অঞ্চলৰ পৰা ৩৮০টা মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২২৫টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ লগতে মাদক দ্রব্য সৰবৰাহত ব্যৱহৃত ৫৫ খন বাহন জব্দ কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই প্ৰকাশ কৰিছে।