January 22, 2026 12:17 PM

views 14

চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে ৩গৰাকী আৰক্ষী জোৱানক নিলম্বন

বিশ্বনাথ জিলাৰ চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে তিনিগৰাকী আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। নিলম্বিত জোৱানকেইজন কনিষ্টবল প্রিয়ংকা বাৰুতি, এল চি বিমান দাস আৰু চন্তৰীৰ দায়িত্বত থকা জন কোৰাদাক বুলি প্ৰকাশ কৰা হৈছে। বিশ্বনাথ আৰক্ষী অধীক্ষকে এটা নির্দেশযোগে এই জোৱানকেইজনক নিলম্বন কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন মাদক দ্ৰব্য সৰবৰাহকাৰী থানাৰ পৰা পলায়ন কৰাৰ পাছতে আৰক্ষীৰ লোককেইজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।

January 22, 2026 12:04 PM

views 5

পানীখাইটিত চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ’ব

কামৰূপ মহানগৰ জিলাৰ পানীখাইটিত আজি অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্রশিক্ষণ প্ৰতিষ্ঠান চমুকৈ চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। অনুষ্ঠানত গুৱাহাটী লোকসভা সভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও উপস্থিত থাকিব। এই নতুন আন্তঃগাঁথনিত প্ৰশিক্ষাৰ্থীৰ আবাস, শিক্ষাদান ব্লক, ৰান্ধনীশাল আৰু ডাইনিং হল, সামগ্ৰী সংৰক্ষণ, উদ্ধাৰ...

January 19, 2026 7:24 PM

views 9

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক অসম বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনত ডি-লিট সন্মান প্ৰদান

ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক আজি অসম বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনত ডি-লিট সন্মান প্ৰদান কৰা হয়। ১৯৯৯ বেছৰ আই পি এছ বিষয়া শ্ৰীমহন্ত এই সন্মান লাভ কৰা প্ৰথমগৰাকী আৰক্ষী বিষয়া হিচাপে পৰিগণিত হৈছে। বেলুৰ মঠৰ ৰামকৃষ্ণ মিচন বিবেকানন্দ এডুকেচন এণ্ড ৰিচাৰ্ছ ইন্সটিটিউটৰ সম-উপাচাৰ্য্য আত্মপ্ৰিয়নন্দে তেওঁক এই সন্মান প্ৰদান কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অৰূপ ৰাহা আৰু উপাচাৰ্য্য ৰাজীৱ মোহন পন্থ উপস্থিত থাকে। উল্লেখযোগ্য যে, এ...

January 13, 2026 8:29 PM

views 7

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কামৰূপ আৰক্ষীয়ে অভিযান চলাই আমিনগাওঁত ১১ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰে। কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যান কুমাৰ পাঠকৰ নেতৃত্বত এই অভিযান চলিছিল। আৰক্ষীয়ে এই অভিযানত আনোৱাৰ হুছেইন কাজি আৰু আমিনুল চিকদাৰ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ পৰা নিচাজাতীয় সামগ্ৰীখিনি নামনি অসমলৈ সৰবৰাহৰ চেষ্টা চলাওতেই আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে।

December 16, 2025 7:38 PM

views 19

অসম আৰক্ষীত খালী হৈ থকা ২,৩৫০টা পদ পূৰণ কৰাৰ বিজ্ঞাপন প্ৰকাশ

অসম আৰক্ষীত খালী হৈ থকা দুহেজাৰ ৩৫০টা পদ পূৰণ কৰাৰ বাবে বিভাগটোৱে বিজ্ঞাপন প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনে প্রতিশ্রুতি পূৰণৰ দিশে আগবঢ়া বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আজি প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি ৪৮টা উপ-পৰিদৰ্শক, ৩৯টা সহকাৰী কাৰাধ্যক্ষ, এহেজাৰ ৫২টা কনিষ্টবলকে ধৰি বিভিন্ন পৰ্যায়ৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

December 6, 2025 6:58 PM

views 29

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি উলুবাৰীত থকা চি আই দিৰ কাৰ্যালয়ত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত ...

December 3, 2025 11:30 AM

views 13

অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক আজি নিযুক্তি-পত্ৰ প্ৰদান

● অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক আজি নিযুক্তি-পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত আজি দিনৰ ১১ বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত ৫ হাজাৰ ৪১০ গৰাকী প্ৰাৰ্থীৰ লগতে ২৫২ গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ৫ হাজাৰ ১০ গৰাকীয়ে অসম আৰক্ষী, ৪১১ গৰাকীয়ে অসম...

November 27, 2025 1:14 PM

views 24

৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

● অহা ৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয়, যে এ ডি আৰ ইত উত্তীর্ণ প্রার্থীসকলো শীঘ্ৰেই নিযুক্তি পত্ৰ প্ৰদান কৰিব। মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক ৩০০ টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া ২৮ নৱেম্বৰত...

November 13, 2025 1:00 PM

views 22

দীৰ্ঘদিন ধৰি শিৱসাগৰত ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ

■ শিৱসাগৰ আৰক্ষীয়ে কালি অভিযান চলাই ৰাজপথত দীৰ্ঘদিন ধৰি ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক কালি গ্ৰেপ্তাৰ কৰে। এই লোককেইজনে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ৫ জনীয়া যুৱকৰ এটা দলে শিৱসাগৰ বাইপাছত দূৰণিবটীয়া যাত্রীবাহী বাহনৰ পৰা নিশা ভাবুকি দেখুৱাই ধন আদায় কৰিছিল। আৰক্ষীয়ে এই খবৰ লাভ কৰি কালি দলটোক আটক কৰে। আৰক্ষীয়ে ইতিমধ্যে ধন দাবীৰ গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰিছে। যুৱক কেইজনৰ পৰা কেইবাখনো মটৰ চাইকেল জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ...

November 4, 2025 6:58 PM

views 16

গোলাঘাটত অসম আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত এটা গড়ৰ খড়গ উদ্ধাৰ

গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তৰ চি আৰ পি এফ শিবিৰৰ সমীপৰ চেতিয়া গাঁৱত আজি অসম আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই এটা গড়ৰ খড়গ উদ্ধাৰ কৰে। গাওঁখনৰ মজিবুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত উদ্ধাৰ কৰা খড়গটোৰ ওজন এক কেজি ২০০ গ্রাম বুলি জানিব পৰা গৈছে। ধৃত মজিবুৰ ৰহমানে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, নাগালেণ্ডত বিক্ৰীৰ বাবে এই খড়গটো নগাওঁৰ পৰা তেওঁ ক্ৰয় কৰিছিল। ঘটনা সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।