September 20, 2024 1:20 PM

views 24

ৰাজ্যৰ দুখন জিলাত ৰাষ্ট্ৰীয় পি এম বিশ্বকর্মা কাৰ্যসূচীৰ আয়োজন

অসমৰ দুখন জিলাত ৰাষ্ট্ৰীয় পি এম বিশ্বকর্মা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ বিপণন ক্ষেত্ৰত সাংসদ বিজুলী কলিতা মেধিয়ে পি এম বিশ্বকর্মা কাৰ্যসূচীত অংশ লয়। নগাঁৱৰ পানীগাঁৱত মন্ত্ৰী পীযূষ হাজৰিকাই এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰে। লগতে পি এম বিশ্বকর্মা কাৰ্যসূচী দেশৰ ৫০টা প্রশিক্ষণ কেন্দ্ৰত আয়োজন কৰা হৈছে। অসমতো দুটা প্রশিক্ষণ কেন্দ্ৰত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।