April 8, 2025 8:50 PM

views 23

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনে প্রস্তুতি চলাইছে। জিলা আয়ুক্ত জয় শিৱানীয়ে আজি পূৱ বাঘচোং উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু ৫১ নম্বৰ বাঘচোং চৰাইবাহী গাঁও পঞ্চায়ত পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়। জিলাখনত আজি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশি...

January 11, 2025 1:34 PM

views 17

ৰাজ্যত পঞ্চায়ত নির্বাচন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছতহে পাতিব পৰা হ’বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দেখা দিয়া অচলাৱস্থা বৰ্তমানেও অব্যাহত আছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা বিভিন্ন গোচৰক লৈ যোৱা কেইবাদিনো ধৰি শুনানি গ্ৰহণ কৰাৰ পাছত কালিৰ দিনটোত আদালতে এই বিষয়ে ৰায়দান কৰিব বুলি আশা কৰা হৈছিল। সেয়া হ'লেও আদালতে কালি ৰায়দানৰ পৰা বিৰত থকাত অচলাৱস্থাৰ অৱসান ঘটাটো সম্ভৱ নহ'ল। উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশনা লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত বহু চৰ্চিত এই পঞ্চায়ত নির্বাচন ৰাজ্যত হ'বলগীয়া হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায...