June 24, 2025 12:15 PM

views 17

ৰাজ্যৰ বিভিন্ন স্থানত সোমবাৰৰ পৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ

■ ৰাজ্যত যোৱা ১১ মে'ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পাছত শেহতীয়াকৈ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালিৰেপৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে। এইবাৰ পঞ্চায়ত গঠনৰ নিয়ম অনুসৰি সভাপতিগৰাকীক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে নিৰ্বাচিত পঞ্চায়তৰ সদস্যসকলৰ জৰিয়তে মনোনীত কৰাৰ ব্যৱস্থা কৰা হৈছে। ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ড আৰু ধেমাজি উন্নয়ন খণ্ডৰ ১১ খন গাঁও পঞ্চায়ত কালি গঠন কৰা হয়। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিসকলে ...

May 12, 2025 6:36 PM

views 25

বঙাইগাঁও জিলাৰ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি মিত্রজোঁটৰ গৰিষ্ঠ সংখ্যক আসন দখল

বঙাইগাঁও জিলাৰ মুঠ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্রজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰিছে। জিলা পৰিষদৰ ৪ খন আসনত বিজেপিয়ে আৰু ৪ খনত অগপই জয়লাভ কৰিছে। এখন আসন কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ৩ খন আসনত নির্দলীয় প্রার্থীয়ে জয়লাভ কৰিছে। আঞ্চলিক পঞ্চায়তসমূহৰ ভিতৰত ১৯ খনত অগপ আৰু ১৫ খনত বিজেপিয়ে জয়লাভ কৰিছে। অন্য ১৫ খন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে ৯ খনত নিৰ্দলীয় প্রার্থীয়ে বিজয় সাব্যস্ত কৰিছে। ৰাইজৰ দলে দুখন আসন নিজৰ হাতত ৰাখিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে ৫ খনত এ আই ই...

May 12, 2025 6:33 PM

views 17

কামৰূপ জিলাৰ মুঠ ২৪ খন জিলা পৰিষদৰ আসনৰ ২২ খনত বিজেপিৰ জয়লাভ

কামৰূপ জিলাৰ মুঠ ২৪ খন জিলা পৰিষদৰ আসনৰ ২২ খনত বিজেপিয়ে জয়লাভ কৰিছে। এখন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে অন্য এখন আসন এ আই ইউ ডি এফে দখল কৰিবলৈ সমৰ্থ হৈছে। আনহাতে জিলাখনৰ ১১৯ খন আঞ্চলিক পঞ্চায়তৰ ৮৫ খনত বিজেপি মিত্রজোঁটে জয়লাভ কৰিছে। বিৰোধী দল কংগ্ৰেছে ২৩ খন আসনহে দখল কৰিবলৈ সমৰ্থ হৈছে।

May 12, 2025 6:29 PM

views 27

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৩৫ খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত ১৬ খনত কংগ্ৰেছৰ জয়লাভ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালাপানী আৰু কাকৰীপাৰা জিলা পৰিষদত কংগ্ৰেছে জয়লাভ কৰিছে। ৩৫ খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত ১৬ খনত কংগ্ৰেছে জয়লাভ কৰাটো সুনিশ্চিত হৈছে। অপেক্ষাকৃতভাৱে জিলাখনত বিজেপি মিত্ৰজোঁটৰ প্ৰদৰ্শন দুৰ্বল। অগপৰ দখলত ৫ খন আসন থকাৰ বিপৰীতে বিজেপিয়ে কেৱল এখন আসনহে দখল কৰিবলৈ সমৰ্থ হৈছে।

May 12, 2025 6:27 PM

views 22

শিৱসাগৰ জিলাৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিৰ জয়লাভ

শিৱসাগৰ জিলাৰ ৩টা বিধানসভা সমষ্টিৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। বাকী ৬ খন আসনৰ ৫ খনত দলটোৱে অগ্ৰগতি লাভ কৰিছে। খেলুৱা জিলা পৰিষদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ ২৭ খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফলতো বিজেপি আগুৱাই আছে। দলটোৱে ২৩ খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপই ৩ খন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছে। নাজিৰা বিধানসভা সমষ্টিত বিজেপিয়ে ১৯ খন আঞ্চলিক পঞ্চায়তত জয়লাভ কৰিছে। সমষ্টিটোত অগপই এখন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছে। শিৱসাগৰ জিলাৰ ড...

May 12, 2025 11:48 AM

views 22

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অব্যাহত

পঞ্চায়ত নিৰ্বাচনৰ যোৱা নিশালৈকে লাভ কৰা ভোটগণনাৰ তথ্য অনুসৰি বিজেপিয়ে বিভিন্ন জিলাত অগ্রগতি লাভ কৰিছে। যোৱা নিশা চাৰে ৯ বজালৈকে লাভ কৰা তথ্য অনুসৰি জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ভিতৰত বিজেপি মিত্রজোঁটে ২৮৩ খন আসনত জয় বা অগ্রগতি লাভ কৰিছে। ৫১ খনত কংগ্ৰেছ আৰু ৮ খন আসনত এ আই ইউ ডি এফ দলে অগ্রগতি লাভ কৰিছে। আঞ্চলিক পঞ্চায়তৰ ২ হাজাৰ ১৯২ খন আসনৰ ভিতৰত বিজেপিয়ে ৬৯০ খনত আৰু কংগ্ৰেছে ৫১ আৰু এ আই ইউ ডি এফে ১০ খন আসনত আগবাঢ়ি আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দলৰ ৰাজ্যিক সভাপতি দিলীপ কুমাৰ শ...

May 11, 2025 8:56 PM

views 19

গোৱালপাৰাৰ ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অগ্রগতি লাভ

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। গোৱালপাৰাত ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে অগ্রগতি লাভ কৰি আছে৷ আজি অনুষ্ঠিত ভোটগণনা প্ৰক্ৰিয়াত বিজেপি মিত্রজোঁটে ৯খন জিলা পৰিষদে অগ্রগতি লাভ কৰিছে। এ আই ইউ ডি এফে তিনিখন আৰু কংগ্ৰেছে এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন জিলা পৰিষদত অগ্ৰগতি লাভ কৰিছে। বজালী জিলাৰ সদৰ পাঠশালাত ৫০খন মেজত ভোটগণনা প্রক্রিয়া চলি আছে। বাতৰি যুগুতোৱা পৰলৈ পাঁচখন জিলা পৰিষদৰ দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা অন্...

May 11, 2025 8:48 PM

views 23

ৰাজ্যৰ বিভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। এইবাৰ গাঁও পঞ্চায়ত সদস্যৰ বাবে কোনো দলীয় প্ৰাৰ্থী নাছিল, ৰাজনৈতিক দলৰ সলনি নিৰ্দলীয়ভাৱে প্রার্থীসকলে প্রতিদ্বন্দ্বিতা আগবঢ়ায়। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তৰ ভোটগণনা চলি আছে। এই পর্যন্ত অতি কম সংখ্যক গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ফল...

May 11, 2025 11:13 AM

views 16

ৰাজ্যৰ ২৭ খন জিলাত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে

ৰাজ্যৰ ২৭ খন জিলাত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা চলি আছে। ২১৯২০ খন গাঁও পঞ্চায়ত, ২১৯১ খন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ৩৯৭টা সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৱশ্যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাবে জয়লাভ কৰিছে। যোৱা ২ মে' আৰু ৭ মে’ত ৰাজ্যৰ ২৫ হাজাৰ ৭টা কেন্দ্ৰত বেলটযোগে পঞ্চায়ত নির্বাচন অনুষ্ঠিত হয়। ভোটগণনাৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি...

May 10, 2025 8:33 PM

views 17

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পূর্ণ

পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোট গণনাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰিছে। লক্ষীমপুৰ জিলা প্ৰশাসনে উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটগণনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলাখনৰ ১৫খন জিলা পৰিষদ, ৬০ খন আঞ্চলিক পঞ্চায়ত আৰু ৫৭৪ টা ৱাৰ্ড সদস্য পদৰ বাবে হোৱা নিৰ্বাচনৰ ভোট গণনা কাইলৈ ১৫ টা গণনা কক্ষত কৰা হ'ব। ঢকুৱাখনা সমজিলা কার্যালয় চৌহদতো ভোটগণনাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। কাছাৰ জিলাৰ শিলচৰৰ ৰামনগৰ আই এছ বি টি আৰু আই এছ টি টিত ভোটগণনা অনুস্থিত...