November 26, 2024 7:57 PM November 26, 2024 7:57 PM

views 43

অৰুণোদয় ৩.০ ৰ কামৰূপ(ম) জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক

অৰুণোদয় আঁচনি ৩.০ ৰ ৰূপায়ণ সন্দৰ্ভত  আজি কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকত কৃষি ইত্যাদি বিভাগ তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে ভিডিঅ' কনফাৰেঞ্চযোগে  অংশগ্ৰহণ কৰে । বৈঠকত অভিভাৱক মন্ত্ৰী বৰাই  অৰুণোদয় ৩.০ ৰূপায়ণৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো বিষয়া-কৰ্মচাৰীয়ে গুৰুত্বসহকাৰে নিজৰ দায়িত্ব পালন কৰাৰ লগতে উপযুক্ত  হিতাধিকাৰী যাতে এই আঁচনিৰ পৰা বাদ নপৰে তাৰ প্ৰতি সজাগ আৰু সতৰ্ক হ'ব...