January 29, 2025 8:29 PM

views 19

ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰমিত সিঙৰ দায়িত্ব গ্ৰহণ

ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰমিত সিঙে আজি দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হৰমিত সিঙে জি পি সিঙৰ পৰা দায়িত্ব গ্ৰহণ কৰে। পূৰ্বৰ আৰক্ষী সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত হৰমিত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে। আৰক্ষী সঞ্চালক প্ৰধান হিচাপে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ কাৰ্যকালৰ অন্তিমটো দিনত আজি চত...