January 11, 2025 1:27 PM

views 13

অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাত অহা ২৪ ঘণ্টাত ঘন কুঁৱলীৰ লগতে বতৰ ফৰকাল থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে ঘন কুঁৱলী পৰাৰ লগতে বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা জাৰি কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ লগতে বতৰ আংশকিভাৱে ডাৱৰীয়া হৈ থাকিব। অহা ২৪ ঘণ্টাত গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্...

January 4, 2025 12:10 PM

views 20

অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ আজি ফৰকাল হৈ থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি আজি আৰু কাইলৈ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ২৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২২ দশমিক ৭ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমা...