August 23, 2025 6:36 PM

views 14

উৰিয়ামঘাটৰ বিদ্যাপুৰত অসম-নাগালেণ্ড চৰকাৰৰ বৈঠক, উচ্ছেদিত স্থান-গছপুলি ৰোপণ কাৰ্যসূচী নিৰীক্ষণ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱা বিদ্যাপুৰত আজি অসম আৰু নাগালেণ্ড চৰকাৰে এখন বৈঠকত মিলিত হয়। দুয়োখন ৰাজ্যৰ জনপ্ৰতিনিধি তথা প্ৰশাসনিক বিষয়াসকলে উচ্ছেদিত স্থান আৰু গছপুলি ৰোপণ কাৰ্যসূচী নিৰীক্ষণ কৰে। নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাটুন, ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আছাম্বেঅ' কিকন, ঊষা সমষ্টিৰ বিধায়ক ৱাই মহেম' ন’বেঅ' হমেছেৰ উপৰি ৰাজ্যখনৰ কেইবাগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰে। অসম চৰকাৰৰ হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক ...