April 9, 2025 3:51 PM April 9, 2025 3:51 PM
9
অসম-নাগালেণ্ড সীমান্তত নগা লোকে এজন অসমীয়া কৃষকক গুলীয়াই হত্যাৰ ভাবুকিৰ পাছত অঞ্চলটোত তীব্ৰ উত্তেজনা
● অসম-নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰৰ কলাজান অঞ্চলৰ সমীপৰ জুজুংয়ান গাঁৱত নগা লোকে এজন অসমীয়া কৃষকক বন্দী কৰি গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পাছত অঞ্চলটোত উত্তেজনা বিয়পি পৰিছে। এটা নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি নগালেণ্ডৰ ওখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ অন্তৰ্গত জুজুংয়ান গাঁৱৰ নগা লোকে বাঁহ চুৰিৰ অভিযোগত এজন অসমীয়া যুৱকক বন্দী কৰে। পাছত লোকজনক নগা গাঁৱৰ মহিলাসকলে বন্দুকেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে। অৱশ্যে যুৱকজনে সেই অঞ্চলৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। নাগালেণ্ড আৰু অসমৰ মাজত স্পষ্...