October 1, 2025 9:01 PM October 1, 2025 9:01 PM
17
নাগালেণ্ডত নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি
চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বান্ধৰ ৪খনকৈ গেট খোলা হৈছে বুলি নিপকোৰ তৰফৰ পৰা জনোৱা হৈছে। অতিৰিক্ত পানী দৈয়াং নদীৰ জৰিয়তে ধনশিৰি নদীলৈ প্ৰবাহিত কৰা হ'ব বুলি নিপকো কর্তৃপক্ষই জানিবলৈ দিছে। গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণক বিশেষকৈ নদীপৰীয়া গাঁৱৰ লোকক নদীত গা ধোৱা, মাছ ধৰা আৰু নদীৰ পাৰত খেলাধূলা আদি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বিশেষকৈ কাইলৈ বিজয়া দশমীৰ কাৰ্যসূচীৰ সময়ত এই ক্ষেত্ৰত সকলোকে বিশেষ ...