December 6, 2025 8:32 PM December 6, 2025 8:32 PM
92
ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ১০ ডিচেম্বৰত ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হ’ব
ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিবছৰৰ দৰে এইবাৰো ১০ ডিচেম্বৰত ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ বৰাগাওঁৰ নৱনিৰ্মিত ছহিদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূর্ণগতিত অব্যাহত ৰাখিছে। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ৰূপেশ গোৱালাই আজি স্মাৰক ক্ষেত্ৰত সংশ্লিষ...