August 27, 2024 10:55 AM
36
অসম-মিজোৰামৰ আন্তঃৰাজ্যিক ৰে’ল যোগাযোগ তিনিদিনলৈ বন্ধ
অসম আৰু মিজোৰামৰ আন্তঃৰাজ্যিক ৰে'ল যোগাযোগ তিনিদিনলৈ বন্ধ থাকিব বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেই প্ৰকাশ কৰিছে। হাইলাকান্দি জিলাৰ কিল্লাৰবাক অঞ্চলত হোৱা তীব্ৰ খহনীয়াৰ ফলত ৰে'লপথসমূহৰ মেৰামতিৰ প্ৰয়োজন হৈছে। উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই জনোৱা অনুসৰি ধলেশ্বৰ নৈৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ পাছত ৰে’লপথৰ মেৰামতিৰ কাম আৰম্ভ হ'ব। উল্লেখযোগ্য যে প্রচণ্ড বৰষুণ আৰু খহনীয়াৰ ফলত যোৱা ২৪ আগষ্টৰ পৰা অসম আৰু মিজোৰামৰ মাজৰ ৰে'লসেৱা ব্যাহত হৈ পৰিছিল। সম্প্ৰতি মিজোৰামৰ ভৈৰৱীৰ পৰা হাইলাকান্দি হৈ শিলচৰৰ মাজত চলাচল কৰা...