July 17, 2024 8:55 PM

views 23

অসম-মিজোৰাম সীমান্তৰ কাছাৰত আৰক্ষী-উগ্ৰপন্থীৰ গুলীয়াগুলীত ৩জন উগ্ৰপন্থী সদস্য নিহত

অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ ভুৱনপাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা গুলীয়াগুলীৰ ঘটনাত যোৱা নিশা ৩জন উগ্ৰপন্থী সদস্যৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে, কালি বিয়লি কাছাৰৰ ধলাইৰ গংগানগৰত আৰক্ষীয়ে বন্দুকসহ ৩ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। নিশা ধৃত ৩ জন উগ্রপন্থীক লৈ উগ্ৰপন্থী শিবিৰ উৎখাত কৰাৰ লক্ষ্যৰে কাছাৰ আৰক্ষীৰ এটা দলে মিজোৰাম সীমান্তৰ ভুৱনপাহাৰত অভিযান চলোৱাৰ সময়তে পাহাৰত লুকাই থকা আন উগ্ৰপন্থীসকলে আৰক্ষীক লক্ষ্য কৰি গুলী চলায়। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচাল...