August 23, 2025 2:09 PM

views 12

অসম-মিজোৰামৰ সীমা অঞ্চলত স্থিতাৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ

অসম আৰু মিজোৰামৰ সীমামূৰীয়া বিবদমান অঞ্চলসমূহত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন ৰাজ্যই সীমা অঞ্চলত স্থিতাৱস্থা বাহাল ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমাই কালি আইজলত অনুষ্ঠিত মিজোৰাম পুলিচ ছাৰ্ভিচ এছ'চিয়েচনৰ এখন সমাৰোহত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দুয়োখন ৰাজ্যৰ সীমা অঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিছে। এই আ...