December 7, 2024 1:04 PM

views 21

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, চাৰিগৰাকী নতুন মন্ত্ৰীৰ শপতগ্ৰহণ

আজি চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই আজি শপতগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চাৰিওগৰাকী মন্ত্ৰীক শপতবাক্য পাঠ কৰোৱায়। আজি সন্ধিয়াৰ ভিতৰত মন্ত্ৰীৰ বিভাগসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে।