July 27, 2025 8:45 PM

views 19

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তই সীমাৰ স্তম্ভ ভাঙি দিয়াত পৰিস্থিতি পুনৰ উত্তপ্ত

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তই যোৱা নিশা সীমাৰ স্তম্ভ ভাঙি দিয়াৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে যোৱা দুদিন ধৰি অসমৰ সীমাৰ পথাৰত মেঘালয়ৰ দুৰ্বৃত্তই ধানখেতি উভালি তহিলং কৰে। ইয়াৰ পাছত যোৱা নিশা পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাত সীমান্ত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।