April 19, 2024 8:27 PM

views 24

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। মনোনয়ন দাখিলৰ অন্তিম দিনা আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে। বিজেপি প্রার্থীগৰাকীৰ সমৰ্থনত আয়োজিত জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্...

April 19, 2024 8:22 PM

views 25

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কেইবাগৰাকীও প্ৰাৰ্থীৰ প্ৰচাৰ

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। দৰং ওদালগুৰি সমষ্টিৰ আই এন ডি আই মিত্ৰজোটৰ সমর্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিভিন্ন স্থানত জনসভা অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ কেইবাটাও স্থানত আয়োজিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে বিজেপিৰ কাৰ্যকালৰ বিফলতাসমূহৰ বিষয়ে উনুকিয়ায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰাজবংশীৰ হৈ কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। ধুবুৰী লোকসভা সমষ্...

April 19, 2024 5:51 PM

views 31

ৰাজ্যত দ্বিতীয়-তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলাৰ টংলা আৰু নগাঁৱৰ ভোটাইগাঁৱত নির্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ভোটাইগাঁৱত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। নগাঁও চহৰৰ সমীপৱৰ্তী ভোটাইগাঁৱৰ খেলপথাৰত আয়ো...

April 8, 2024 12:22 PM

views 17

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত মনোনয়ন দাখিল কৰা হৈছে৷ এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা অংশকে ধৰি ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন লোকসভা আসনৰ বাবে অহা ২৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'ব। আউটাৰ মণিপুৰ সমষ্টিৰ এটা অংশত প্ৰথম পর্যায়ত অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যা...

April 8, 2024 12:12 PM

views 22

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰাৰ্থীৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ

অহা ১৯ এপ্রিলত প্রথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনক লৈ শাসকীয় দলৰ প্ৰাৰ্থীৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেত্রী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে আজিৰে পৰা অসমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। নেত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্রার্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হৈ প্ৰচাৰ চলাব। আজি পুৱা ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হৈ...

April 8, 2024 12:09 PM

views 31

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া অব্যাহত

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া চলি আছে। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবেও ইতিমধ্যে পোষ্টেল বেলটৰ জৰিয়তে ভোট সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হ'বলগীয়া সমষ্টিসমূহত নিয়োজিত প্রিজাইডিং, প’লিং বিষয়াকে ধৰি নিৰ্বাচনী কামত জড়িতসকলৰ পোষ্টেল বেলটৰ ভোটদান প্রক্রিয়াও সুকলমে অনুষ্ঠিত হৈছে৷ সকলো জিলাতে এই প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে। শোণিতপুৰ সংসদীয় সমষ্টিৰ লোকসভা নিৰ্ব...

April 6, 2024 1:00 PM

views 32

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ, আজি তিতাবৰ, মৰিয়নী আৰু নাজিৰাত মুখ্যমন্ত্ৰীৰ নির্বাচনী সভা

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপি আৰু অসম গণ পৰিষদকে ধৰি বিৰোধী কংগ্ৰেছ, আম আদমী পাৰ্টী, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰ, মৰিয়নী আৰু নাজিৰাত নির্বাচনী সভাত ভাগ ল'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় প্রার্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলা...