April 23, 2024 12:20 PM

views 17

ৰাজ্যত কাইলৈ অন্ত পৰিব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান, আজি নাগ্ৰীজুলিত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

ৰাজ্যত ২৬ এপ্রিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত দৰং- ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি দৰং-ওদালগুৰি সমষ্টিৰ অন্তৰ্গত নাগ্রীজুলিত হ'বলগীয়া এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ আগমনক লৈ মিত্ৰজোঁট বিজেপি, অ...

April 23, 2024 12:09 PM

views 27

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭গৰাকী প্ৰাৰ্থীৰ প্রতিদ্বন্দ্বিতা, দ্বিতীয় পৰ্যায়ত ৬১গৰাকীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যৰ ৪টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে। কালি তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ ৩ গৰাকী আৰু ধুবুৰীৰ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্টিত ১৩ গৰাকী, বৰপেটা সমষ্টিত ১৪ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা হৈছে। ২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিত...

April 22, 2024 11:30 AM

views 24

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইতিমধ্যে, গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছে। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

April 22, 2024 11:28 AM

views 20

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই বিজেপি প্রার্থী সুৰেশ বৰাৰ সমৰ্থনত আজি নগাঁও আৰু মৰিগাঁৱৰ কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰিব। বিপিএফৰ প্ৰাৰ্থী দুর্গাদাস বড়োৱে দৰঙত আজি নির্বাচনী প্ৰচাৰ চলাব। ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্ব’ত অংশগ্ৰহণ কৰে...

April 22, 2024 11:20 AM

views 23

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ ৯গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ ভিতৰত ৯ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ। ইয়াৰ ভিতৰত দুগৰাকী মহিলা প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধৰ গোচৰ ৰুজু হৈ আছে। অপৰাধৰ গোচৰ ৰুজু হৈ থকা প্ৰাৰ্থীৰ ভিতৰত এ আই ইউ ডি এফৰ দুজন, বিজেপি আৰু গণসুৰক্ষা পাৰ্টীৰ এজনকৈ প্ৰাৰ্থী আছে।

April 21, 2024 8:44 PM

views 15

কৰিমগঞ্জ, ডিমা হাচাও, বাক্সা জিলাত প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। কৰিমগঞ্জ জিলাত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত নির্বাচনী সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন আন্তঃমহাবিদ্যালয় কুইজ প্রতিযোগিতা অনু...

April 20, 2024 6:58 PM

views 31

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ সজাগতা কার্যসূচী আয়োজন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কার্যসূচী আয়োজন কৰা হৈছে। চিৰাং জিলাৰ অধীনৰ চিডলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিতো নির্বাচনী জিলা দুখনে এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে ভোটাৰ সজাগতাৰ লক্ষ্যৰে বিজনী সমষ্টিত শুভংকৰ মুকলি কৰাৰ লগতে নতুন ভোটাৰ অংশগ্ৰহণেৰে এখন সজাগতামূলক ফেশ্বন শ্ব' প্রতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমাৰ অ...

April 20, 2024 12:22 PM

views 28

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৭৫.৯৫ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত কালি ৰাজ্যত সামগ্ৰিকভাৱে ৭৫.৯৫ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটাধিকাৰীসকলে কালি অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত উৎসাহ-উদ্দীপনাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত প্ৰথম পৰ্যায়ত সামৰি লোৱা ৫টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৩৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪ গৰাকী মহিলা প্রার্থী। ইয়াৰ ভিতৰত ৩ গৰাকীয়ে কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন এগৰাকীয়ে শোণিতপুৰ সম...

April 20, 2024 12:19 PM

views 24

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ৭ মে'ত অনুষ্ঠিত হ'ব। দেশৰ ১০খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা সমষ্টিৰ বাবে সেইদিনা ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্রসমূহ আজি পৰীক্ষা কৰা হ'ব। পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। মনোনয়ন দাখিলৰ অন্তিম দিনা কালি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়...

April 19, 2024 8:33 PM

views 27

ৰাজ্যৰ ৫টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত প্ৰায় ৭১ শতাংশ ভোটদান

ৰাজ্যৰ ৫ টা সমষ্টিত আজি শান্তিপূর্ণভাৱে লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজা পর্যন্ত ৰাজ্যখনত প্ৰায় ৭১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটদাতাসকলে উৎসাহ-উদ্দীপনাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ৮৬ লাখ ৪৭ হাজাৰ ৮৬৯ গৰাকী। ইয়াৰে ৪২ লাখ ৮২ হাজাৰ ৮৮৭জন পুৰুষ হোৱাৰ বিপৰীতে ৪৩ লাখ ৬৪ হাজাৰ ৮৫৯ গৰাকী মহিলা। তদুপৰি ১২৩ গ...