April 26, 2024 6:52 PM April 26, 2024 6:52 PM
11
ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ
ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম গোৱালপাৰাত গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই দ্বৈত ইঞ্জিনৰ চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত স্থানীয় জনসাধাৰণৰ সৈতে কথা পাতে। তেওঁ কয় যে, চৰকাৰে জিলাখনত বান আৰু খহনীয়াৰ সমস্যা প্রতিহত কৰাৰ উদ্দেশ্যে বহুমুখী কৌশল গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত ৰাজ্য চৰকাৰে পুনৰ ৫০ হাজাৰ ন...