April 26, 2024 6:52 PM

views 25

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম গোৱালপাৰাত গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই দ্বৈত ইঞ্জিনৰ চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত স্থানীয় জনসাধাৰণৰ সৈতে কথা পাতে। তেওঁ কয় যে, চৰকাৰে জিলাখনত বান আৰু খহনীয়াৰ সমস্যা প্রতিহত কৰাৰ উদ্দেশ্যে বহুমুখী কৌশল গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত ৰাজ্য চৰকাৰে পুনৰ ৫০ হাজাৰ ন...

April 24, 2024 8:41 PM

views 19

বৰপেটা-বজালীত তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচনৰ প্ৰস্তুতিৰ বুজ লয় ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে

অহা ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। এই পৰ্যায়ত দুহেজাৰ ৯৬৩ গৰাকী প্ৰাৰ্থীয়ে ১৫টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে, অসমত এই পৰ্যায়ত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া বৰপেটা আৰু বজালীত উপস্থিত হৈ নির্বাচনী প্ৰস্তুতিৰ বুজ লয়। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে বৰপেটা জিলা আয...

April 24, 2024 8:32 PM

views 37

তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ প্রস্তুতি

অহা ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূর্ণ গতিত প্রস্তুতি অব্যাহত আছে। সেই অনুসৰি প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত অংশ ল'বলগীয়া প্রিজাইডিং আৰু প’লিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিষয়াসকলক ইলেকট্র’নিক ভোটিং মেচিন পৰিচালনা, ভোটগ্রহণ প্রক্রিয়া, নিৰাপত্তা আদি সন্দৰ্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ লগতে অহা ২৯ এপ্ৰিলৰ পৰা ২ মে'লৈ ভোটগ্ৰহণত জড়িত বিষয়াসকলক চূড়ান্ত প্রশিক্ষণ প্ৰদান কৰা হ'ব বুলি গোৱালপাৰা জিলা নির্বাচন...

April 24, 2024 8:29 PM

views 21

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্রহণ হ'বলগীয়া নগাঁও, বাক্সা, তামুলপুৰ জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধৰ ঘোষণা কৰা হৈছে। ইপিনে, কামৰূপ জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূ...

April 24, 2024 8:24 PM

views 14

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ লগে লগে ভোটগ্রহণৰ বাবে নির্বাচনী জিলাসমূহৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে ভোটগ্রহণৰ বাবে সংশ্লিষ্ট নির্বাচনী জিলাসমূহে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে৷ নির্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৫০ শতাংশ ভোটকেন্দ্ৰত ৱেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি জ্যেষ্ঠ নাগৰিক, সন্তানসম্ভৱা আৰু প্ৰসুতি মাতৃসকলৰ বাবে অধিক সময় অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা থাকিব। ভোটগ্রহণ কেন্দ্ৰসমূহত দিব্যাংগসকলৰ বাবে ৰেম্পৰ লগতে খোৱাপানী, বিজুলী আদিৰ যোগান নিশ্চিত ...

April 24, 2024 6:55 PM

views 16

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰিছে। আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়। এই পৰ্যায়ত ৰাজ্যৰ ৫ টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত মুঠ ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী দিলীপ শ‍ইকীয়াৰ হৈ সমষ্টিটোৰ মাজবাট, কমলপুৰৰ লগতে জালুকবাৰীতো নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়...

April 24, 2024 6:51 PM

views 24

নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সমৰ্থনত ৰোড শ্ব’

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা কংগ্ৰেছ দলে নগাঁৱত দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সমৰ্থনত এটা ৰোড শ্ব’ অনুষ্ঠিত কৰে। নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা এই ৰোড শ্ব’ত দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে ভালেসংখ্যক নেতা-কর্মী উপস্থিত থাকে। জিলাখনৰ ধিং ধোপৰগুৰিত আজি আন এখন প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই ভ...

April 24, 2024 6:48 PM

views 20

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰীৰ বিভিন্ন স্থানত প্ৰচাৰ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত প্ৰচাৰ চলায়। বি পি এফৰ মুৰব্বীগৰাকীয়ে আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী দুর্গাদাস বড়োৰ হৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰত নির্বাচনী প্ৰচাৰ চলায়। ইপিনে, তৃতীয় পৰ্যায়ত নির্বাচন হ’বলগীয়া ৪ টা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত আছে। আজি ধুবুৰী লোকসভা সমষ্টিৰ অধীনত মানকাচৰৰ হাটশিঙিমাৰীত অসম গণ পৰিষদ দলৰ এটা ...

April 24, 2024 6:41 PM

views 28

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নির্বাচন আয়োগৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নির্বাচন আয়োগে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি বিজনী মহকুমাধিপতি কাৰ্যালয়ত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত আৰু বঙাইগাঁও নামনি অসম চিকিৎসালয় গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত এই ৰক্ত শিবিৰত কেন্দ্ৰীয় অৰ্দ্ধসামৰিক বাহিনীৰ ২০গৰাকী জোৱানে ৰক্তদান কৰে। আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ প্রস্তুতি সন্দৰ্ভত আজি ৰঙিয়াৰ মহকুমাধিপতি কাৰ...

April 24, 2024 5:38 PM

views 27

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৪খন আসনৰ বাবে ৪৭গৰাকীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ৪৭গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এই পর্যায়ত ৪খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কালি ৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা ১২ গৰাকী, বৰপেটাৰ পৰা ১৪ গৰাকী, ধুবুৰীৰ পৰা ১৩ গৰাকী আৰু গুৱাহাটীৰ পৰা মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এন ডি এ আৰু কংগ্ৰেছ দলে আটাইকেইখন আসনতে প্রার্থী প্ৰক্ষেপ কৰিছে। গুৱাহাটী আসনখনৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই মহিলা প্ৰাৰ্থীক...