March 4, 2025 7:39 PM March 4, 2025 7:39 PM
8
ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি বিত্ত মন্ত্রীৰ প্ৰকাশ
অসম চৰকাৰে ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি আজি বিত্ত মন্ত্রী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আশ্রাফুল হুছেইনৰ ঋণৰ উৎস সম্পর্কে উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন অনুসৰি এই অনুপাত ৩২ শতাংশৰ ভিতৰত ৰাখিব লাগে আৰু অসমে এই ক্ষেত্ৰত সফলতা লাভ কৰিছে। ৰাজ্য চৰকাৰে বজাৰ, বিত্তীয় প্রতিষ্ঠান, ৰাজ্যিক ভৱিষ্যনিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ঋণ গ্ৰহণ কৰে বুলিও বিত্তম...