March 4, 2025 7:51 PM
20
বিধানসভাত লালদুহমাৰ ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন
মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহমাই আজি ৰাজ্য বিধানসভাত ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী লালদুহমাই উত্থাপন কৰা এই বাজেটত মুঠ ১৫ হাজাৰ ১৯৮ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত ১২ হাজাৰ ৫৪০ কোটি ২০ লাখ টকাৰ ৰাজহ ব্যয় শিতানত ধাৰ্য্য কৰা হৈছে। এই পৰিমাণ পৰৱৰ্তী বিত্তীয় বছৰৰ সৰ্বমুঠ বাজেট আৱণ্টনৰ ৮২ দশমিক ৫-১ শতাংশ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাজেট ভাষণত উল্লেখ কৰে। ইয়াৰ বিপৰীতে মুলধনী শিতানত মুঠ ৩ হাজাৰ ৫১২ কোটি ৩৩ লাখ টকাৰ ব্যয় ধাৰ...