March 26, 2025 12:40 PM

views 17

অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিৱেশন অনির্দিষ্টকাললৈ স্থগিত

অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিৱেশন অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰ বিটিচি বিধায়িনী ভৱনত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ ১৯ ফেব্ৰুৱাৰীৰ পৰা দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হয়। ১০ মার্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বৰ্ষৰ বাজেট উত্থাপন কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে এইবাৰৰ বাজেট অধিৱেশনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, ৰাজ্যিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, অসম ক'চিং ইনষ্টিটিউট নিয়ন্ত্ৰণ আৰু নিয়মাৱলী বি...