January 17, 2026 7:04 PM

views 32

১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন ১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে এই সন্দর্ভত অধিসূচনা জাৰি কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এইবেলি পূর্ণাঙ্গ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা হ'ব।

November 26, 2025 6:58 PM

views 72

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন হয়। ইয়াৰ ভিতৰত ৩ খন নতুন আৰু ১২ খন সংশোধনী বিধেয়ক আছে। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ নামেৰে দুখন নতুন বিশ্ববিদ্যালয় হ'ব। আজি সদনত অপ্ৰাদেশিকীকৃত শিক্ষক-কর্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। অপ্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ বাবে পূৰ্বতে আইনত থকা চৰ্তসমূহৰ অধিকাংশ চৰ্ত শিথিলকৰণৰ বাবে আজি সদনত উত্থাপন হোৱা এই ২০২৫ৰ নিৰ্দিষ...

November 4, 2025 6:39 PM

views 97

অহা ২৫ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ

অসম বিধানসভাৰ শীতকালীন অধিবেশন অহা ২৫ নৱেম্বৰৰ পৰা দিছপুৰত আৰম্ভ হ'ব। অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। অধিৱেশনৰ আৰম্ভণিৰ দিনা বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য আৰু দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তর্পণ কৰা হ'ব। সেইদিনাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিবেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেউটাদিনতে প্রশ্নোত্তৰ কাল থাকিব। আমাৰ ব...

November 1, 2025 12:03 PM

views 63

অহা ২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ

অহা ২৫ নৱেম্বৰত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশন পাঁচ দিন ধৰি চলিব। অসম বিধানসভাৰ কার্যক্রমণিকা উপদেষ্টা সমিতিৰ এখন বৈঠকত কালি এই সিদ্ধান্ত লোৱা হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত উপদেষ্টা সমিতিৰ বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকল উপস্থিত থাকে। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অহা ২৫, ২৬, ২৭, ২৮ আৰু ২৯ নৱেম্বৰত শীতকালীন অধিবেশন চলিব। উল্লেখযোগ্য যে, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূ...

October 26, 2025 7:32 PM

views 71

২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন অহা ২৫ নৱেম্বৰত আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্রতিবেদন দাখিল কৰা হ'ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিবেশনত লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ সংৰক্ষণ সন্দৰ্ভত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে এই বিষয়ে প্রকাশ কৰিছে। তদুপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্ৰতিবেদনৰ লগতে নেলী হত্যাকাণ...

March 22, 2025 12:12 PM

views 51

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ তৎপৰতা

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ বিশেষ তৎপৰ হৈ পৰিছে। অসম বিধানসভাত কালি দি আছাম ক’চিং ইনষ্টিটিউট কন্ট্র’ল এণ্ড ৰেগুলেচন বিল, ২০২৫ উত্থাপন কৰা হয়। বিধেয়কখনৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে কল্যাণমূলক নিয়ন্ত্ৰণ ব্যৱস্থাও গঢ়ি তোলা হ’ব। এই বিধেয়ক অনুসৰি প্ৰতিটো প্ৰশিক্ষণ প্রতিষ্ঠান খুলিবলৈ আগ্রহী ব্যক্তিয়ে সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ ওচৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব। লগতে বর্তমানে চলি থকা প্রশিক্ষণ প্রতিষ্ঠানসমূহেও বিধেয়কখন গৃহীত হোৱাৰ ৩০ দিনৰ ভ...

March 22, 2025 12:08 PM

views 47

অসম বিধানসভাত কালি মুঠ ১৫ খন বিধেয়ক উত্থাপন

 অসম বিধানসভাত কালি মুঠ চাৰিখন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে - শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নর্থ লখিমপুৰ বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বাবে মুঠ ৮ খন সংশোধনী বিধেয়ক উত্থাপন কৰে। ডাঃ পেগুৱে...

March 21, 2025 7:37 PM

views 51

অসম বিধানসভাত ৪খন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন

অসম বিধানসভাত আজি চাৰিখন নতুন বিধেয়ক আৰু এঘাৰখন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বাবে মুঠ ৮ খন সংশোধনী বিধেয়ক উত্থাপন কৰে। এই সংশোধনীৰ জৰিয়তে নতুনকৈ বিশ্ববিদ্যালয়লৈ উন্নীত...

March 21, 2025 6:49 PM

views 52

অসম বিধানসভাৰ দ্বাদশ দিনাও শাসক বিৰোধীৰ মাজত বিভিন্ন বিষয় লৈ বিতৰ্ক অনুষ্ঠিত

অসম বিধানসভাত আজি বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্রিবেদীয়ে কালি ৰাজ্যসভাত ধুবুৰী জিলাক বাংলাদেশৰ অংশ বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংসদগৰাকীৰ বিৰুদ্ধে এটা ভর্ৎসনা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰে। সদনৰ শূন্য কালত বিষয়টো উত্থাপন কৰি বিৰোধী দলপতি শ‍ইকীয়াই কয়, যে ধুবুৰী জিলাৰ পৰা ভালেসংখ্যক স্বাধীনতা সংগ্ৰামীয়ে দেশৰ হকে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল আৰু সাংসদগৰাকীৰ এনে মন্তব্যই সমগ্ৰ ধুবুৰীবাসীৰ লগতে অসমবাসীকো অপমানিত কৰিছে। যদি কোনো বাংলাদেশী নাগৰিক জিলাখ...

March 5, 2025 12:51 PM

views 46

প্রশ্নোত্তৰ শিতানেৰে অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি সপ্তম দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি সপ্তম দিনৰ কাৰ্যক্ৰমণিকা প্রশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। প্রশ্নোত্তৰ কালত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই ৰাজ্যত যোৱা ৩১ জানুৱাৰী পৰ্যন্ত ১ লাখ ৬৫ হাজাৰ ৯৯২জন বিদেশী নাগৰিক চিনাক্ত কৰা বুলি আৰু ইয়াৰে ৩০ হাজাৰ ১১৫জনক নিজ দেশলৈ ঘূৰাই পঠিওৱা বুলি প্ৰকাশ কৰে।