November 26, 2025 6:58 PM November 26, 2025 6:58 PM
35
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন
অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন হয়। ইয়াৰ ভিতৰত ৩ খন নতুন আৰু ১২ খন সংশোধনী বিধেয়ক আছে। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ নামেৰে দুখন নতুন বিশ্ববিদ্যালয় হ'ব। আজি সদনত অপ্ৰাদেশিকীকৃত শিক্ষক-কর্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। অপ্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ বাবে পূৰ্বতে আইনত থকা চৰ্তসমূহৰ অধিকাংশ চৰ্ত শিথিলকৰণৰ বাবে আজি সদনত উত্থাপন হোৱা এই ২০২৫ৰ নিৰ্দিষ...