June 3, 2024 11:56 AM

views 26

অসমৰ কামৰূপ জিলাত আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

অসমৰ কামৰূপ জিলাৰ মৰাভিঠাত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে। ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ সমীপত এই প্ৰতিষ্ঠানটো স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত অসম, উত্তৰ-পূব ভাৰতৰ শৈক্ষিক ক্ষেত্ৰত অনন্য কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ আন এটা পথ প্রশস্ত হৈছে। উল্লেখযোগ্য যে গুৱাহাটীত নতুনকৈ স্থাপন হ'বলগীয়া এই প্রতিষ্ঠানটো উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন আই আই এম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰে...