December 3, 2025 11:08 AM

views 42

বতৰৰ বতৰা:

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ আশিংকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

December 27, 2024 11:16 AM

views 22

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত আকাশ ফৰকাল হৈ থাকিব

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিলেও দিনটোৰ পিছৰ ভাগলৈ আকাশ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬ দশমিক ৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা আছিল ১১ দশমিক ৬ ডিগ্রী চেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত কুঁৱলী পৰাৰ সম্ভাৱনা আছে ...