October 21, 2024 9:18 PM
16
গুৱাহাটীত অনুষ্ঠিত ৯ বছৰ আৰু ১৩ বছৰৰ অনূৰ্ধ্ব গুৱাহাটী মহানগৰী দবা চেম্পিয়নশ্বিপৰ সামৰণি
গুৱাহাটী মহানগৰী দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ৯ বছৰ আৰু ১৩ বছৰৰ অনূৰ্ধ্ব গুৱাহাটী মহানগৰী দবা চেম্পিয়নশ্বিপৰ সামৰণি পৰে। ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত অনুষ্ঠিত প্রতিযোগিতাখনত ১৩ বছৰৰ অনূৰ্ধ্ব ল'ৰাৰ শাখাত ভৌমিক কিশোৰ দাসে আৰু ছোৱালীৰ শাখাত আমেয়া গুপ্তাই জয়লাভ কৰে। আনহাতে, ৯ বছৰ অনূৰ্ধ্বৰ ল'ৰাৰ শাখাত সাৰস্বত ডেকা আৰু ছোৱালীৰ শাখাত চাৰ্ভিশ্ৰী বৰ্মনে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। প্ৰতিযোগিতাখনত সৰ্বমুঠ ১২১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।