March 27, 2025 11:13 AM

views 31

আজি ঘোষণা কৰা হ’ব ‘গুণোৎসৱ, ২০২৫’-ৰ ফলাফল

● গুণোৎসৱ, ২০২৫-ৰ ফলাফল আজি ঘোষণা কৰা হ'ব। এই উপলক্ষে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ ঐক্যসাজ প্ৰদান আৰু মুক্ত, নিকা তথা স্বচ্ছভাৱে মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বাছনিকৃত তিনিখন জিলাক প্রশংসামূলক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত ৪,৩২০ গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হ’ব আৰু যোৱাবছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা ১১,৫৯৪ খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু ২৫ হাজাৰ টকাকৈ উদগনিমূলক অনুদান আগবঢ়োৱা হ'ব। উল্...

January 21, 2025 12:05 PM

views 33

চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ প্ৰথমটো দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন

চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ প্ৰথমটো দিনৰ কাৰ্যসূচী কালি সফলতাৰে সম্পন্ন হয়। কালি ১৩ খন জিলাৰ ৫ হাজাৰ ৩৭১ খন বিদ্যালয়ৰ ৫ লাখ ১২ হাজাৰৰো অধিক শিক্ষার্থীৰ মূল্যায়ন কৰা হয়। এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ মূল্যায়ন কৰা হৈছে । কালি চৰাইদেউ জিলাত গুণোৎসৱৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ পি এম শ্ৰী মাহমৰা উচ্চ মাধ্যমিক...