January 20, 2025 8:19 PM January 20, 2025 8:19 PM

views 5

ৰাজ্যৰ ১৪খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ন আৰম্ভ

ৰাজ্যৰ ১৪খন জিলাক সামৰি আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ন আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত সামৰি লোৱা ১৪ খন জিলা হৈছে- বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং । শিক্ষা বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা ২২ জানুৱাৰীলৈ ১৪খন জিলাৰ ১৫ হাজাৰ ৬৬৩খন বিদ্যালয়ৰ ১৪ লাখ ১৪ হাজাৰ ৯৩২গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি বহিঃমূল্যায়ন অনুষ্ঠিত হৈছে। ইয়াৰ বাবে ইতিমধ্যে ৬ হাজাৰ ৫৩ গৰাকী বহিঃনিৰীক্ষ...