March 28, 2025 1:07 PM

views 26

চলিত বছৰৰ গুণোৎসৱত শিৱসাগৰ জিলা প্রথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলা তৃতীয় স্থানত

চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কালি ঘোষিত ফলাফল অনুযায়ী এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্রথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সূচাৰূৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰে দ্বিতীয় আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিছে। এইবাৰ ১৩ হাজাৰ ৩০০ খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু ১৩ হাজাৰ ৯৯২ খন বিদ্যালয়ে এ গ্রেড লাভ কৰিছে। একেদৰে ১৪ লাখ ৬৪ হাজাৰ ৮০৮ গৰাকী শিক্ষাৰ্থীয়ে এ প্লাছ গ্ৰ...

March 20, 2025 11:17 AM

views 24

২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব

● ২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল অহা ২৭ মাৰ্চত ঘোষণা কৰা হ'ব। সেইদিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। এই অনুষ্ঠানত ২০২৪ বৰ্ষৰ গুণোৎসৱত এ-প্লাছ পোৱা ৰাজ্যৰ ১১,৫৯৪ খন বিদ্যালয়ক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হ'ব। সমগ্র শিক্ষা অসমে এখন জাননীৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে।

January 22, 2025 8:32 PM

views 31

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হয়।পৰিবহন তথা পার্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি ধেমাজী জিলাত শিক্ষাখণ্ডৰ অন্তৰ্গত নগৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত অংশ লৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয...

January 8, 2025 9:03 PM

views 45

চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন

শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যেৰে শিক্ষা বিভাগে আয়োজন কৰা চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন। শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জিলাখনৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱৰ মূল্যায়ন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে গুণোৎসৱত দুৰ্বল প্ৰদৰ্শন কৰা ৰাজ্যৰ একাংশ বিদ্যালয়ত পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে। ইয়াৰ লগতে শিক্ষা মন্ত্রী ডাঃ পেগুৱে শিক্ষা আৰু আনুসঙ্গিক ক্ষেত্ৰসমূহত দুর্বলতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত পাঠ...

January 6, 2025 12:38 PM

views 55

ৰাজ্যৰ ১১খন জিলাত আজিৰে পৰা গুণোৎসৱ-২০২৫

ৰাজ্যৰ ১১ খন জিলাত আজি গুণোৎসৱ ২০২৫ৰ কাৰ্যসূচী আৰম্ভ। প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্ব-মূল্যায়ন আৰু কাইলৈৰ পৰা ৯ জানুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ'ব। ১১ খন জিলাত ১৬ হাজাৰ ৫৬ খন চৰকাৰে প্ৰাদেশীকৃত আদর্শ বিদ্যালয়, চাহ বাগিচা আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি লোৱা হ'ব। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ ১৪ লাখ ১১ হাজাৰ ৮৭৮ গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ণ কৰা হ'ব। গুণোৎস...