July 22, 2025 1:21 PM

views 21

অসম সামগ্ৰী আৰু সেৱা কৰ আঁচনি-২০২৫ৰ অধিসূচনা জাৰি ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অসম সামগ্ৰী আৰু সেৱা কৰ আঁচনি, ২০২৫ৰ অধিসূচনা জাৰি কৰিছে। থলুৱা কাঁহৰ সামগ্ৰী প্ৰস্তুতকাৰীসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে বৰ্তমানৰ কৰ গাঁথনিৰ বিৰূপ প্ৰভাৱ লাঘৱ কৰাৰ বাবে এই ধন পৰিশোধ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই নতুন ব্যৱস্থা অনুসৰি যোগ্য, খিলঞ্জীয়া, কাঁহৰ সামগ্রী নির্মাতাসকলে অসম জি এছ টি আইন, ২০১৭-ৰ অধীনত ৰাজ্যিক জি এছ টি নগদ ধনৰ ৰূপত ঘূৰাই পাব ।