January 28, 2025 8:58 PM

views 28

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ ভূমি পূজন কাৰ্যসূচী আজি অনুষ্ঠিত হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য সচিব ড০ ৰবি কোটা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া বাণিজ্য প্রতিনিধি আৰু দেশৰ শীৰ্ষ স্থানীয় উদ্যোগপতি সকলক আতিথ্যৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই শীৰ্ষ সন্মিলনৰ জৰি...

January 14, 2025 11:18 AM

views 13

২০০৬ চনৰ পূৰ্বে স্থাপিত কিন্তু প্রাদেশীকিকৰণৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবে অসম মন্ত্ৰীসভাৰ উপ-সমিতি গঠন

অসম চৰকাৰে ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা কিন্তু প্রাদেশীকিকৰণ প্ৰক্ৰিয়াৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীসভাৰ এখন উপ-সমিতি গঠন কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ নেতৃত্বৰ এই সমিতিখনে এই বিষয়ত উদ্ভৱ হোৱা আঁসোৱাহসমূহ দুৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব। সমিতিয়ে লগতে প্রশাসনীয় ক্ষেত্ৰত পৰিৱৰ্তন আৰু সংশোধনীৰ বাবেও প্রয়োজনীয় পৰামৰ্শ দিব। সমিতিখনে ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে প্রতিবেদন দাখিল কৰিব ৷ একেদৰে, ৰাজ্যৰ আশা কৰ্মী, আশা সহায...

January 8, 2025 1:27 PM

views 21

শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্রয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্রয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদনমর্মে জিলা প্রাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শক সকলে এনে বিদ্যালয়সমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে শিক্ষক নিযুক্তি দিব পাৰিব বুলি বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনাত প্ৰকাশ কৰিছে।

January 7, 2025 8:37 PM

views 27

এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদনমৰ্মে জিলা প্রাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শক সকলে এনে বিদ্যালয়সমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে শিক্ষক নিযুক্তি দিব পাৰিব বুলি বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনাত প্ৰকাশ কৰিছে।

December 24, 2024 9:39 AM

views 23

অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা অবৈধভাৱে গ্ৰহণ কৰি থকা ৬৮২ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ অসম সচিবালয়ত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অবৈধভাৱে অৰুণোদয়ৰ সুবিধা গ্রহণ কৰা এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাত মন্ত্ৰীসভাই অনুমোদন জনাইছে। বৈঠকত ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। বছৰটোৰ ভিতৰত স...

December 22, 2024 11:11 AM

views 16

লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান অনুষ্ঠান

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্রদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে চাকুলিভৰীয়াৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ সমীপত আয়োজিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ভার্চুৱেল ব্যৱস্থাৰ...

December 18, 2024 10:47 AM

views 37

ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰ

২০২৪-২৫ বৰ্ষৰ বাবে ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰত উকলি যাব। হিতাধিকাৰী অসম সমবায় সমিতি আইন ২০০৭ৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সমবায় সমিতিসমূহৰ ২০২১-২২, ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ যথা বিধি পৰীক্ষণ হোৱাটো বাঞ্চনীয়। তদুপৰি বিগত ৩ বছৰ ধৰি নিয়মিতভাৱে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমিতিসমূহকহে এই সাহায্যৰ বাবে যোগ্য বিবেচনা কৰা হ'ব। সাধাৰণ ক্ষেত্ৰৰ সমবায় সমিতিসমূহৰ লগতে ৰাজ্যিক পৰ্যায়ৰ যোগ্য সম...

December 18, 2024 10:15 AM

views 18

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন আঁচনি ৰূপায়ণ হ’ব

ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ধুবুৰী জিলাত ১,২০৮গৰাকী, কাৰ্বি আংলং জিলাত ৫১৭গৰাকী, শিৱসাগৰ জিলাত ১,৭৭৮গৰাকী আৰু দক্ষিণ শালমৰা জিলাত ৩৬৬গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ধুবুৰী জিলাৰ ২০ হাজাৰ ৯২৪গৰাকী, কাৰ্বি আংলং জিলাৰ ৫ হাজাৰ ৩০০গ...

December 14, 2024 11:03 AM

views 32

ৰাজ্যৰ কেবিনেটৰ বৈঠকত মন্ত্ৰীসকলৰ ম’বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ

ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এখন জাননীৰ জৰিয়তে কেবিনেটৰ বৈঠকত মন্ত্ৰীসকলৰ ম'বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। আনকি কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া বিভাগীয় সচিবকে ধৰি অন্যান্য বিষয়াসকলেও ম'বাইল লৈ প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ৭ ডিচেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকতে ম'বাইল ফোন নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। মন্ত্রী-বিষয়াসকলে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকৰ ম'বাইল ফোনসমূহ বাহিৰত থৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০১৬ চনৰ পৰাই কেবিন...

December 13, 2024 7:36 PM

views 9

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চৰকাৰে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ কৰে। এই অনুষ্ঠানত পশুপালন, পশু চিকিৎসা, মীন আৰু কৃষি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে এই বঁটাৰ জৰিয়তে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাটো চৰকাৰৰ লক্ষ্য। অনুষ্ঠানত বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, বিজয় মালাকৰ, বিজেপিৰ জিলা সভাপতি তথা জিলা উন্নয়ন বিষয়াকে ধৰি অন্যান্য বহু লোক উপস্থিত থাকে।