December 14, 2024 11:03 AM December 14, 2024 11:03 AM
11
ৰাজ্যৰ কেবিনেটৰ বৈঠকত মন্ত্ৰীসকলৰ ম’বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ
ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এখন জাননীৰ জৰিয়তে কেবিনেটৰ বৈঠকত মন্ত্ৰীসকলৰ ম'বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। আনকি কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া বিভাগীয় সচিবকে ধৰি অন্যান্য বিষয়াসকলেও ম'বাইল লৈ প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ৭ ডিচেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকতে ম'বাইল ফোন নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। মন্ত্রী-বিষয়াসকলে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকৰ ম'বাইল ফোনসমূহ বাহিৰত থৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০১৬ চনৰ পৰাই কেবিন...