April 21, 2025 11:00 AM

views 43

ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত UDISE সূচ্যাংক বাধ্যতামূলক নহয়

● ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থা চমুকৈ UDISE সূচ্যাংক বাধ্যতামূলক নহয় বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাননী জাৰি কৰিছে। জাননীত উল্লেখ থকা অনুসৰি ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰাহে শিক্ষাৰ্থীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ বাবে বিদ্যালয়সমূহৰ UDISE সূচ্যাংক বাধ্যতামূলক হ'ব। ইয়াৰ অবিহনে নৱম শ্ৰেণীৰ পঞ্জীয়ন আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিত অনুমতি প্ৰদান কৰা নহ'ব। উল্লেখযোগ্য যে শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থাত প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আনুষ্ঠা...

April 11, 2025 7:51 PM

views 20

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লাখ ২২ হাজাৰ ৭৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৯ হাজাৰ ৪১ গৰাকী শিক্ষার্থী প্ৰথম বিভাগত, এক লাখ ৩৫ হাজাৰ ৫৬৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৪৫ হাজাৰ ৮৬২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই প্রথম স্থান, ৮১.১০ শতাংশৰে ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু ৮০.৬৪ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জি...

April 9, 2025 10:58 AM

views 34

২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত প্ৰতি বিবেচনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ ৰাজ্যত ২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে ৬ মাহৰ ভিতৰত এনে নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিবলৈ কালি চৰকাৰক নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ১৮ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে এখন জাননীযোগে এই নির্দেশ বন্ধ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা ৫৬ টা গোচৰ সন্দৰ্ভত ন্যায়াধীশ মাইকেল জোথানখোমাৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত ...

April 4, 2025 6:31 PM

views 19

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে। জনতাভৱনত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকললৈ উন্নতমানৰ স্বাস্থ্য সেৱা, বিশেষকৈ বিনামূলীয়া ঔষধৰ সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য বিভাগলৈ ১৯০...

April 1, 2025 12:53 PM

views 39

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, ভি চি ডি চি সমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্যবান অসম গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখগহ্বৰৰ কৰ্কট ৰোগ আৰু মানসিক স্বাস্থ্য পৰীক্ষা কৰা হ'ব। যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল চে'ল ৰোগৰ পৰীক্ষাৰ লগতে চকুৰ যতন, নাক-কাণ, দাঁত আৰু শ্ৰৱন শক্তিৰ পৰীক্ষা কৰা হ'ব। ...

April 1, 2025 11:29 AM

views 24

ধান আৰু সৰিয়হৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি অসম চৰকাৰৰ

● কৃষকৰ আয় বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ধান আৰু সৰিয়হৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কৃষি বিভাগে জনোৱা অনুসৰি সংগৃহীত ধানৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত ২৫০ টকাকৈ আৰু সৰিয়হত প্ৰতি কুইণ্টলত ৫০০ টকাকৈ বৃদ্ধি কৰা হৈছে। ফলস্বৰূপে এতিয়াৰে পৰা ধানত পূৰ্বৰ নিৰ্ধাৰিত ন্যূনতম সমৰ্থন মূল্য ২,৩০০ টকাৰ পৰা ৩,৫৫০ টকালৈ আৰু সৰিয়হত ৫,৯৫০ টকাৰ পৰা ৬,৪৫০ টকালৈ বৃদ্ধি পাব।

April 1, 2025 11:10 AM

views 12

আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা ১ টকালৈ হ্ৰাস

■ ৰাজ্যত আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বাবে বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হ'ব। সাধাৰণ গ্ৰাহকৰ উপৰি উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থাকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাব। অৱশ্যে গ্ৰাহকসকলে মে' মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলে আজিৰেপৰা তিনি তৰপীয়া নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিব। এই অনুসৰি দিনৰ সময়, সন্ধ্যা আৰু নিশা এই তিনিটা ভাগত পৃথক পৃথককৈ বিদ্যুৎ মাচুল সংগ্ৰহ কৰা হ'...

March 20, 2025 8:27 PM

views 14

ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত শনিবাৰে নিশা জনসাধাৰণক অনাৱশ্যকীয় বিদ্যুৎচাকি বন্ধ কৰি ৰাখিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত পৰহিলৈ অৰ্থাৎ শনিবাৰে নিশা চাৰে ৮ বজাৰ পৰা চাৰে ৯ বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎচাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। World Wide Fund for Nature চমুকৈ WWF INDIA নামৰ সংস্থাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী সফল কৰাৰ বাবে চৰকাৰে এই এঘণ্টা ব্যক্তিগত ব্যৱসায়িক আৰু অন্যান্য সংস্থাসমূহক পৰিবেশ বহনক্ষমতা ৰক্ষাৰ বাবে প্রতিকীভাৱে এই কাৰ্য কৰিবলৈ আহ্বান জনাইছে। এনে ধৰণৰ সৰু অথচ গুৰুত্ব...

March 18, 2025 1:24 PM

views 22

প্ৰকৃত হিতাধিকাৰীয়ে প্রধানমন্ত্রী আবাস যোজনা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান চৰকাৰৰ

চৰকাৰে প্ৰকৃত হিতাধিকাৰীয়ে প্রধানমন্ত্রী আবাস যোজনা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰিছে। মীন, পশুপালন আৰু গড়কাপ্তানী বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পালে কালি হাইলাকান্দিৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা সভাত এইকথা প্রকাশ কৰে। কাইলৈৰ পৰা ৰাজ্যৰ প্ৰায় ৪ লাখ নতুন প্রধানমন্ত্রী আবাস যোজনাৰ হিতাধিকাৰীক ঘৰ নিৰ্মাণৰ বাবে প্রথম কিস্তি প্রদান কৰা হ'ব। এই হিতাধিকাৰীসকলৰ ভিতৰত হাইলাকান্দিৰো প্ৰায় ১০ হাজাৰ লোক আছে। কালিৰ পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰি মন্ত্রী শ্রীপালে কয়, যে চৰকাৰে প্ৰধানমন্ত্ৰী আৱা...

March 16, 2025 1:06 PM

views 15

অসম চৰকাৰৰ প্ৰজিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে অধিবক্তা মাখন ফুকনক নিযুক্তি

অসম চৰকাৰে নতুনকৈ গঠন কৰা প্ৰজিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে অধিবক্তা মাখন ফুকনক নিযুক্তি দিয়া হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগে কালি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে। একেদৰে সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে অধিবক্তা ধনেশ দাস, শান্তনু ভট্টাচাৰ্য আৰু মানস হালৈক নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, প্ৰথমগৰাকী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা মাসন ফুকনে ২০০৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ফুকনে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা আৰু অতিৰিক্ত লোক অধিবক্তা হিচাপে দ...