May 17, 2024 8:01 PM

views 21

স্থলসেনা বাহিনীৰ ১৩৪ সংখ্যক পদাতিক বেটেলিয়নৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যাপকভাৱে গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন

স্থলসেনা বাহিনীৰ ১৩৪ সংখ্যক পদাতিক বেটেলিয়নে বাহিনীটোৰ মহাৰজত জয়ন্তী উপলক্ষে ব্যাপকভাৱে গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰে। উল্লেখযোগ্য যে ১৯৪৯ চনৰ প্ৰতিষ্ঠা কালৰে পৰা স্থলসেনা বাহিনীয়ে ভাৰতীয় সশস্ত্র বাহিনীৰ অভিযানকালত বিভিন্ন প্ৰকাৰে সাহায্য আগবঢ়াই আহিছে। তদুপৰি বাহিনীটোৱে বিভিন্ন আঞ্চলিক জৰুৰী অৱস্থা তথা প্রাকৃতিক দুৰ্যোগৰ সময়তো অসামৰিক লোকসকলৰ প্ৰতি সাহায্য আগবঢ়াই আহিছে। ১৩৪ সংখ্যক পদাতিক বেটেলিয়ন তথা ETF হিচাপে জনাজাত বাহিনীটোৱে মহাৰজত জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় ব...

May 3, 2024 11:33 AM

views 20

গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ

◊ গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। পিপ্‌ল ফৰ দ্য ইথিকেল ট্রিটমেণ্ট অব্ এনিমেলছ চমুকৈ পেটা নামৰ সংগঠনটোৱে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্রদান কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰে কেবিনেট সিদ্ধান্তযোগে এছ অ’ পি জাৰি কৰি মাঘ বিহুৰ সময়ত ম’হযুঁজ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।