July 11, 2024 8:21 PM July 11, 2024 8:21 PM

views 13

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটী ঘোষণা অসম চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু-শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰেও বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া-কর্মচাৰীসকলে পর্যায়ক্রমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। আনহাতে বিষয়া-কৰ্মচাৰীসকলে পিতৃ-মাতৃ আৰু শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন ব...

July 10, 2024 12:02 PM July 10, 2024 12:02 PM

views 22

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ আজি প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুয়েও অংশগ্ৰহণ কৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ ৩৪৯খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক ৬৮ কোটি ৪৪ লাখ টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত ৯৪ হাজাৰ ৮৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী উপক...

July 8, 2024 8:39 PM July 8, 2024 8:39 PM

views 18

৩০ টা প্ৰস্তাৱিত বন এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধি আৰু অধিক সংৰক্ষিত বনাঞ্চল এলেকা নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে ব্যাপক পৰিকল্পনা লৈ কাম-কাজ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি এই বিষয়ে প্রকাশ কৰি কয় যে ৰাজ্য চৰকাৰে ৩০ টা প্ৰস্তাৱিত বন এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা লৈছে। ইয়াৰ ফলত জীৱ-জন্তু সমূহৰো সুৰক্ষা নিশ্চিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ড° শৰ্মাই আজি এই সন্দৰ্ভত প্ৰস্তাৱসমূহ আলোচনা কৰাৰ বাবে এখন বৈঠকত মিলিত হয়। বৈঠকত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন...

July 6, 2024 6:37 PM July 6, 2024 6:37 PM

views 16

শিক্ষা সেঁতু এপত ৩৩ খন জিলাৰ ৪,৯০৭ গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিতিৰ চিনাক্ত

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেঁতু এপত ৩৩ খন জিলাৰ ৪ হেজাৰ ৯০৭ গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিত থকাটো ধৰা পেলাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে দায়িত্ববাহী অতিৰিক্ত জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত সংশ্লিষ্ট শিক্ষকসকলৰ অনুপস্থিতি সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শক নাইবা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ সহযোগত অনুসন্ধান কৰি অনুপস্থিতিৰ কাৰণসহ প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে প্রতিবেদন দাখিল নকৰা পৰ্যন্ত এইসকল শিক্ষকৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশন...

June 28, 2024 12:24 PM June 28, 2024 12:24 PM

views 12

অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নতৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে। এই পদক্ষেপৰ অংশ হিচাপে চাংসাৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি বালিকা বিদ্যালয়ত নির্মাণ কার্য দ্রুত গতিত অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে কালি দুয়োখন বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে যাৱতীয় পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে এই ৫০০খন বিদ্যালয় সর্বাংগসুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে ৪ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ...

June 27, 2024 7:59 PM June 27, 2024 7:59 PM

views 16

সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত পূৰ্বৰ অনিয়মীয়া পদসমূহ বিলুপ্ত হোৱাৰ লগতে নতুন পদত নিযুক্তি লাভ কৰাসকলে চৰকাৰী নিখি অনুসৰি দৰমহা আৰু বাৰ্ষিক দৰমহাৰ বৃদ্ধি লাভ কৰিব...

June 27, 2024 7:50 PM June 27, 2024 7:50 PM

views 14

অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে। এই পদক্ষেপৰ অংশ হিচাপে চাংসাৰি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি বালিকা বিদ্যালয়ত নির্মাণ কার্য দ্রুত গতিত অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে আজি দুয়োখন বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে যাৱতীয় পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে এই ৫০০খন বিদ্যালয় সৰ্বাংগসুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে ৪ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্...

June 18, 2024 5:21 PM June 18, 2024 5:21 PM

views 14

অসম মন্ত্ৰীসভাৰ দপ্তৰৰ সাল-সলনি

অসম মন্ত্ৰীসভাৰ দপ্তৰ সামান্য সাল-সলনি ঘটোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব নিজৰ হাতলৈ নিছে। আনহাতে, কেশৱ মহন্তক পৰিবহণ, মীন, আবকাৰী, বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন তথা তথ্য প্রযুক্তি বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। পূৰ্বতে কেশৱ মহন্তক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছিল। একেদৰে সদ্য নির্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ দায়িত্বত আছিল। পৰিমল শুক্লবৈদ্যৰ বিধায়কৰ পদত্যাগ পত্ৰ আজি ৰাজ্য...

June 14, 2024 6:46 PM June 14, 2024 6:46 PM

views 16

মোবাইল ফোন হেৰালে বা চুৰি হ’লে দূৰ সংযোগ বিভাগৰ CEIR প’ৰ্টেলত IMEI নম্বৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ আহ্বান

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মোবাইল ফোন হেৰালে বা চুৰি হ'লে নিজাকৈ অথবা আৰক্ষী থানাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দূৰ সংযোগ বিভাগৰ CEIR প'ৰ্টেলত হেৰুওৱা মোবাইলটোৰ IMEI নম্বৰ তথা মোবাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে। তেওঁ লগতে পুৰণি মোবাইল ক্ৰয় কৰাৰ বাবে আগ্ৰহী লোকসকলক মোবাইটোৰ IMEI নম্বৰ সংশ্লিষ্ট প'ৰ্টেলত পৰীক্ষা কৰি ল'বলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, মহানগৰ আৰক্ষীয়ে বিভিন্ন সময়ত উদ্ধাৰ কৰা ৬৫০টা চুৰি মোবাইল ফোন আৰু ১৬টা লেপটপ আজি পাণবজাৰত থকা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্...

June 12, 2024 2:18 PM June 12, 2024 2:18 PM

views 8

অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্রী নিযুত ম‍ইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্রী নিযুত ম‍ইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে, ৰাজ্যৰ মন্ত্ৰীসভাই আজি এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। এই আঁচনি অনুসৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে এহেজাৰ টকাকৈ লাভ কৰিব। গৰমৰ বন্ধৰ দুটা মাহক বাদ দি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সমগ্ৰ সময়ছোৱাত প্ৰতি মাহৰ ১১ তাৰিখে সংশ্লিষ্ট ছাত্ৰীগৰাকীৰ একাউণ্টত এই ধন সোমাব বুলি উল্লেখ কৰি তেওঁ লগতে ...