September 2, 2024 7:45 PM

views 19

অহা ১৫ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ ৩,১২৭ পদৰ বাবে লিখিত পৰীক্ষা

উচ্চতৰ মাধ্যমিক স্তৰৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ প্ৰৱেশপত্ৰ আজিৰ পৰা ৱেবছাইটত উপলব্ধ হৈছে। সংশ্লিষ্ট প্রার্থীসকলে www.assam.gov.in আৰু www.site.sebaonline.org ৱেবছাইটৰ পৰা প্ৰৱেশপত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰা অনুসৰি অহা ১৫ ছেপ্তেম্বৰত তিনি হাজাৰ ১২৭ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২ হাজাৰ ৬০০ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এ...

August 21, 2024 12:23 PM

views 17

ৰাজ্য চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব

■ অসম চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব। এই প্ৰচেষ্টাৰ অধীনত ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ বিত্তীয় সাহায্যৰ বাবে লোৱা ঋণৰ ওপৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য আগবঢ়াব। অসমৰ স্থায়ী বাসিন্দা ছাত্র-ছাত্রীয়েহে এই সুবিধা লাভ কৰিব পাৰিব । আঁচনিখনৰ অধীনত উপকৃত হোৱাৰ বাবে অনুমোদিত শিক্ষা ঋণৰ পৰিমাণ ন্যূনতম ২ লাখ টকা হ'ব লাগিব। আনহাতে, এই আচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভ গ্রহণ কৰিব পাৰিব। জন প্ৰতিনিধিৰ সন্তান, সাংসদ, বিধায়ক, পঞ্...

August 18, 2024 11:59 AM

views 27

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ কৰা হৈছে। এই যোজনাৰ অধীনত অসমে এতিয়ালৈকে ২০ লাখৰো অধিক পকীঘৰৰ অনুমোদন লাভ কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনকল্যাণক অগ্রাধিকাৰ দি এনে আঁচনিৰ জৰিয়তে ক্ষিপ্ৰ উন্নয়ন সম্ভৱ কৰি তোলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে।

August 18, 2024 12:15 PM

views 44

ৰাজ্য চৰকাৰৰ ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত শ্রমিকলৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ কোনো শ্রমিকৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে তেনে শ্রমিকলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ২০২১ চনৰ ২৬ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নভুক্ত শ্রমিকৰ ২০২২ চনৰ ৩১ মার্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকলৈ দুই লাখ টকাকৈ আগবঢ়োৱাৰ লগতে দুয়োটা চকু বা দুয়োখন হাত অথবা দুয়োটা ভৰি নষ্ট হোৱা শ্ৰমিকলৈ ২ লাখ টকাকৈ সাহায্য আগবঢ়োৱা হ'ব। আনহাতে এটা চকু, ...

August 13, 2024 12:56 PM

views 28

কলাক্ষেত্ৰত ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই নিযুক্তি বিতৰণ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত ২৬৬ গৰাকী চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮১২ গৰাকী ষ্টাফ নাৰ্ছ আৰু ৪৯ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। উল্লেখযোগ্য যে আজিৰ এই নিযুক্তি পত্ৰ বিতৰণৰ পাছত ৰাজ্য চৰকাৰৰ ...

August 12, 2024 7:39 PM

views 30

ৰাজ্য চৰকাৰৰ দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি

ৰাজ্যখন নিচামুক্ত কৰি তোলাৰ লগতে এখন এইডচমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটীত ৰাজ্য চৰকাৰে দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি কৰে । অসম এইডচ নিয়ন্ত্রণ ছ’চাইটিয়ে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে এই অভিযান মুকলি কৰা হয়। এই অভিযানে মাদক দ্ৰব্যৰ প্ৰচলন অধিক হিচাপে চিনাক্ত হোৱা ১০ খন জিলাৰ এহেজাৰখন গাঁও সামৰি ল'ব। এই জিলাকেইখন হৈছে কামৰূপ মহানগৰ, ধুবুৰী, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাৰ্বিআংলং, কাছাৰ আ...

August 2, 2024 12:21 PM

views 21

ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগৰ ভয়াৱহ ৰূপ ধাৰণ

স্বাস্থ্য বিভাগৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০ গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু হৈছে।চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০ গৰাকীকৈ এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ ২৩ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি জানিব পৰা গৈছে। দৰঙত সম্প্ৰতি ১১ জনকৈ লোক জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ খাৰুপেটিয়া...

August 1, 2024 1:00 PM

views 17

আজিৰে পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। কালি গুৱাহাটীস্থিত অসম লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই তথ্য সদৰী কৰে। কেবিনেট হোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি তেওঁ কয় যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোঁৱাহ দেখিবলৈ পো...

July 29, 2024 7:53 PM

views 24

ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়

পাঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই আজি ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ তিনিগৰাকী নৱনিযুক্ত উপাচাৰ্যক শপতগ্ৰহণ কৰোৱায়। অধ্যাপক ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে, ধনপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানবেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে আজি শপতগ্ৰহণ কৰোৱা হয় ৷  এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে তিনিওগৰাকী উপাচাৰ্যক অভিনন্দন জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী কার্যকালৰ সফলতা ...

July 16, 2024 12:39 PM

views 18

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ’বঃ মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। হাতীমূৰাৰ ভগ্ন মথাউৰিৰ স্থান পৰিদৰ্শন কৰি কালি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয় যে, হাতীমূৰাৰ ক'ফাৰ বান্ধব কাম ইতিমধ্যে ৫০ শতাংশ সম্পূৰ্ণ হৈছে যদিও এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী কম পৰিমাণে কলঙলৈ বৈ আছে। প্রকৃতিয়ে কোনো বাধা নিদিলে এসপ্তাহৰ ভিতৰত হাতীমূবাৰ ব্ৰহ্মপুত্ৰ সংলগ্ন ক'ফাৰ বান্ধব মুখ বন্ধ কৰিবলৈ জনসম্পদ বিভাগ সমৰ্থ হ'ব বুলিও তেওঁ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে যোৱা ২ জুলাইত...