September 5, 2024 7:06 PM September 5, 2024 7:06 PM

views 10

অহা ৭ ছেপ্তেম্বৰত চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড়ত অহা ৭ ছেপ্তেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। বেংগালুৰু, কলকাতাৰ নাৰায়ণা হৃদয়ালয় চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞৰ দলে জন্মৰ পৰা ১৮ মহীয়া শিশুলৈকে জন্মগত হৃদৰোগ, লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থি মজ্জা সংৰোপণৰ প্ৰয়োজন হোৱা শিশুৰ ৰোগ চিনাক্তকৰণ কৰি ১০০ শতাংশ অনুদানমূলক চিকিৎসা সেৱা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অ...

September 5, 2024 6:10 PM September 5, 2024 6:10 PM

views 9

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...

September 5, 2024 12:49 PM September 5, 2024 12:49 PM

views 9

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা এই আঁচনিখনৰ প'ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষার্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আ...

September 3, 2024 12:27 PM September 3, 2024 12:27 PM

views 6

২০২৪-২৫ বিত্তীয় বৰ্ষৰ শিল্পী পেন্সনৰ বাবে আবেদন আহ্বান

ৰাজ্য চৰকাৰৰ ২০২৪-২৫ বিত্তিয় বৰ্ষৰ শিল্পী পেন্সন আঁচনিৰ বাবে শিল্পীসকলৰপৰা প্ৰয়োজনীয় প্ৰমাণপত্ৰ সহ আবেদনপত্ৰ বিচৰা হৈছে। সাংস্কৃতিক সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি আবেদনপত্ৰ www.directorculture.assam.gov.in www.silpisammanassam.comত কালিৰে পৰা উপলব্ধ হৈছে। আবেদনপত্ৰসমূহ ১৫ অক্টোবৰৰ ভিতৰত দাখিল কৰিবলৈ জাননীত উল্লেক কৰা হৈছে। নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইন যোগে দাখিল কৰা আবেদন গ্রহণ যোগ্য বুলি বিবেচনা কৰা নহ'ব। সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনৰ সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থক...

September 2, 2024 7:45 PM September 2, 2024 7:45 PM

views 7

অহা ১৫ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ ৩,১২৭ পদৰ বাবে লিখিত পৰীক্ষা

উচ্চতৰ মাধ্যমিক স্তৰৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ প্ৰৱেশপত্ৰ আজিৰ পৰা ৱেবছাইটত উপলব্ধ হৈছে। সংশ্লিষ্ট প্রার্থীসকলে www.assam.gov.in আৰু www.site.sebaonline.org ৱেবছাইটৰ পৰা প্ৰৱেশপত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰা অনুসৰি অহা ১৫ ছেপ্তেম্বৰত তিনি হাজাৰ ১২৭ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২ হাজাৰ ৬০০ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এ...

August 21, 2024 12:23 PM August 21, 2024 12:23 PM

views 8

ৰাজ্য চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব

■ অসম চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব। এই প্ৰচেষ্টাৰ অধীনত ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ বিত্তীয় সাহায্যৰ বাবে লোৱা ঋণৰ ওপৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য আগবঢ়াব। অসমৰ স্থায়ী বাসিন্দা ছাত্র-ছাত্রীয়েহে এই সুবিধা লাভ কৰিব পাৰিব । আঁচনিখনৰ অধীনত উপকৃত হোৱাৰ বাবে অনুমোদিত শিক্ষা ঋণৰ পৰিমাণ ন্যূনতম ২ লাখ টকা হ'ব লাগিব। আনহাতে, এই আচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভ গ্রহণ কৰিব পাৰিব। জন প্ৰতিনিধিৰ সন্তান, সাংসদ, বিধায়ক, পঞ্...

August 18, 2024 11:59 AM August 18, 2024 11:59 AM

views 14

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ কৰা হৈছে। এই যোজনাৰ অধীনত অসমে এতিয়ালৈকে ২০ লাখৰো অধিক পকীঘৰৰ অনুমোদন লাভ কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনকল্যাণক অগ্রাধিকাৰ দি এনে আঁচনিৰ জৰিয়তে ক্ষিপ্ৰ উন্নয়ন সম্ভৱ কৰি তোলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে।

August 18, 2024 12:15 PM August 18, 2024 12:15 PM

views 32

ৰাজ্য চৰকাৰৰ ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত শ্রমিকলৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত খণ্ডৰ কোনো শ্রমিকৰ দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে তেনে শ্রমিকলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ২০২১ চনৰ ২৬ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নভুক্ত শ্রমিকৰ ২০২২ চনৰ ৩১ মার্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু বা অংগক্ষত হ'লে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকলৈ দুই লাখ টকাকৈ আগবঢ়োৱাৰ লগতে দুয়োটা চকু বা দুয়োখন হাত অথবা দুয়োটা ভৰি নষ্ট হোৱা শ্ৰমিকলৈ ২ লাখ টকাকৈ সাহায্য আগবঢ়োৱা হ'ব। আনহাতে এটা চকু, ...

August 13, 2024 12:56 PM August 13, 2024 12:56 PM

views 16

কলাক্ষেত্ৰত ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই নিযুক্তি বিতৰণ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত ২৬৬ গৰাকী চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮১২ গৰাকী ষ্টাফ নাৰ্ছ আৰু ৪৯ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। উল্লেখযোগ্য যে আজিৰ এই নিযুক্তি পত্ৰ বিতৰণৰ পাছত ৰাজ্য চৰকাৰৰ ...

August 12, 2024 7:39 PM August 12, 2024 7:39 PM

views 18

ৰাজ্য চৰকাৰৰ দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি

ৰাজ্যখন নিচামুক্ত কৰি তোলাৰ লগতে এখন এইডচমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটীত ৰাজ্য চৰকাৰে দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি কৰে । অসম এইডচ নিয়ন্ত্রণ ছ’চাইটিয়ে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে এই অভিযান মুকলি কৰা হয়। এই অভিযানে মাদক দ্ৰব্যৰ প্ৰচলন অধিক হিচাপে চিনাক্ত হোৱা ১০ খন জিলাৰ এহেজাৰখন গাঁও সামৰি ল'ব। এই জিলাকেইখন হৈছে কামৰূপ মহানগৰ, ধুবুৰী, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাৰ্বিআংলং, কাছাৰ আ...