October 4, 2024 11:35 AM

views 14

নিযুত ম‍ইনা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

যোৰহাট জিলাৰ নিযুত ম‍ইনা আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰৰ পৰা প্ৰায় ৫৮খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক ৬ টা ভিন্ন স্থানত ডি ডি বিতৰণ কৰা হ'ব। জিলা আয়ুক্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তকে ধৰি শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু জিলাখনৰ প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে।

October 4, 2024 10:51 AM

views 19

কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব

■ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ'ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সম-জিলা হ'ব। ইফালে, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ, যোৰহাটৰ...

September 28, 2024 6:17 PM

views 42

কৃষকসকলৰ শস্য জমা কৰাত সুবিধা প্ৰদানৰ লগতে বিত্তীয় সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

অসম চৰকাৰে কৃষকসকলক তেওঁলোকৰ শস্য জমা কৰাত সুবিধা প্ৰদানৰ লগতে বিত্তীয় সাহায্য প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৱেৰহাউচ ৰিছিপ্ত ফাইনেন্সিং শীৰ্ষক এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলে দুটাকৈ সুবিধা লাভ কৰিব। কৃষি উৎপাদিত সামগ্ৰীসমূহৰ সঠিক সংৰক্ষণ আৰু সংৰক্ষিত সামগ্ৰীৰ মূল্যৰ বিপৰীতে ঋণ প্রদান কৰা হ’ব। ইতিমধ্যে কৃষকসকলক ১২ লাখ ৬০ হাজাৰ টকাৰ ঋণ এই আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। ইয়াৰ সহায়ত কৃষকসকলে শস্য জমা কৰাৰ বাবে আধুনিক গুদামঘৰ লাভ কৰাৰ উপৰি কৃষকসকলক উন্...

September 17, 2024 7:46 PM

views 14

বিশ্ব প্ৰসিদ্ধ যুদ্ধ বিমান নির্মাণ আৰু পৰিচালনা কোম্পানী ডাছ’ৰ সৈতে অসম চৰকাৰৰ  চুক্তি স্বাক্ষৰৰ প্ৰস্তুতি

অসম চৰকাৰে বিশ্বৰ অন্যতম বৃহৎ বিমান নির্মাণ কোম্পানী এয়াৰ বাছ আৰু ৰাফেল আদিৰ দৰে বিশ্ব প্ৰসিদ্ধ যুদ্ধ বিমান নির্মাণ আৰু পৰিচালনা কোম্পানী ডাছ’ৰ সৈতে ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰিছে। এই চুক্তিৰ ফলত দেশৰ বিমান পৰিবহণ খণ্ডত অসমৰ ৫ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে কৰ্ম-সংস্থাপনৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰ ফলত অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।

September 14, 2024 10:52 AM

views 27

কাইলৈ সমগ্ৰ ৰাজ্যতে ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত তৃতীয়বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

■ ৰাজ্য চৰকাৰে কাইলৈ সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত তৃতীয়বৰ্গৰ ৭ হাজাৰ ৬০০টা পদৰ বিপৰীতে ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। অসমৰ ইতিহাসত প্ৰথমবাৰলৈ একে সময়তে ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে একেলগে অৱতীৰ্ণ হ'ব। নিযুক্তি পৰীক্ষাক লৈ জিলা প্রশাসনসমূহে ব্যাপক প্রস্তুতি চলাইছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১২ খন ...

September 14, 2024 10:38 AM

views 27

ট্রেডিং কেলেংকাৰী সংক্ৰান্তত সকলো গোচৰৰ তদন্ত চি বি আইক অৰ্পণৰ সিদ্ধান্ত অসম মন্ত্ৰীসভাৰ

অসম মন্ত্রীসভাই অনিয়ন্ত্রিত জমা ধন আৰু অবৈধ ট্রেডিং কেলেংকাৰী সংক্ৰান্তত ৰাজ্যৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা সকলো গোচৰৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই লগতে গৃহ আৰু বিত্ত বিভাগক ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে নীতি-নির্দেশনা যুগুতাই উলিয়াবলৈ নিৰ্দেশ দিছে। অলপতে অবৈধ অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত কেইবাখনো এজাহাৰ ৰুজু হৈছে আৰু বিষয়টো লৈ ৰাজ্যৰ বিভিন্ন স্থানত জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে । বৰ্তমানলৈকে এই কেলেংকাৰী সং...

September 13, 2024 9:07 PM

views 18

উচ্চ মাধ্যমিকৰ ৪,৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক মন্ত্রীসভাৰ

ৰাজ্যিক মন্ত্রীসভাই উচ্চ মাধ্যমিকৰ ৪,৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিয়ম বাধ্যতামূলক নহয় আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ইচ্ছা কৰিলে পূৰ্বৰ দৰে ঠিকাভিত্তিক শিক্ষক হিচাপে কাম কৰাৰ বিকল্প গ্ৰহণ কৰিব পাৰিব। মন্ত্রীসভাই লগতে ১৯ ছেপ্তেম্বৰত দুখন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ প্ৰথমখন আঁচনিৰ অধীনত ১২ লাখ ৬০ হাজাৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিত সংলগ্ন কৰা হ'ব। এই হিতাধিকাৰীসকলে ১০ জানুৱাৰীৰ ভিতৰত প্ৰথম কিস্তিৰ ধন লাভ কৰিব। দ্বিতীয়খন ...

September 13, 2024 6:16 PM

views 32

১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্য চৰকাৰে ১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। অন্যান্য জিলাৰ লগতে যোৰহাট জিলাতো পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাখনত ১৩৩ টা পৰীক্ষা কেন্দ্ৰত ৫৫ হাজাৰ ৫০৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে চাৰি বেৰ আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কোঠাসমূহ সাজু কৰি তোলা হৈছে। আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জিলাখনৰ পশ্চিম চক্ৰৰ পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰীক্ষাৰ প্ৰস্...

September 12, 2024 10:05 AM

views 19

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ’ব

■ ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰবো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্রকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন,...

September 11, 2024 8:04 PM

views 20

ৰাজ্য চৰকাৰৰ সঞ্চালক পৰ্যায়ৰ কেইবাগৰাকীও প্রশাসনিক বিষয়াৰ ৰদ-বদল

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি সঞ্চালক পৰ্যায়ৰ কেইবাগৰাকীও প্রশাসনিক বিষয়াৰ ৰদ-বদল কৰা হৈছে। সেই অনুসৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব তথা সঞ্চালক, ডº ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ অতিৰিক্ত সঞ্চালক মিনাক্ষী দাস নাথক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। ইপিনে, মহিলা আৰু শিশু বিকাশ বিভাগৰ যুটীয়া সচিব গৌৰীশংকৰ শৰ্...