November 14, 2024 11:55 AM

views 21

বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫,২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫ হাজাৰ ২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ হোৱা ৫ হাজাৰ ৫৫০টা প্রাথমিক শিক্ষক পদ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি প্রক্রিয়া সম্পন্ন কৰাৰ পাছত মাধ্যমিক পৰ্যায়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ শিক্ষা বিভাগে ৯ হাজাৰ ৭১৭টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মাধ্যমিক স্তৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ পদত নিযুক্তিৰ বাবে আবেদনৰ সময় বৃদ্ধি কৰিছে। ...

November 6, 2024 1:36 PM

views 30

অসম ৰাজ্যিক বিত্ত আয়োগৰ দলৰ ৰাজ্য চৰকাৰৰ ভিন্ন বিভাগৰ জিলা বিষয়াসকলৰ সৈতে আলোচনা

অসম ৰাজ্যিক বিত্ত আয়োগৰ এটা দলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ নেতৃত্বত কালি সন্ধিয়া বৰপেটাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ জিলা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত জিলাখনৰ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ হোৱা সমস্যা আৰু বাজেটৰ বিষয়কলৈ এই আলোচনা অনুষ্ঠিত হয়। আলোচনাত অধ্যক্ষতা কৰা ৰানা প্রতাপ কলিতাই তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষতা বৃদ্ধিৰ বাবে সকলোকে আহ্বান জনায়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাবোৰ জি...

November 6, 2024 10:30 AM

views 17

গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ অধিসূচনা বাতিল কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে। এটা প্রকৃতিপ্রেমী স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে তিনি সপ্তাহৰ ভিতৰত চৰকাৰক এই সন্দৰ্ভত সবিশেষ শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৮ মে’ত ৰাজ্য চৰকাৰে গড়ভঙাৰ ১১৭ বর্গ কিলোমিটাৰ এলেকা সামৰি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে অধিসূচনা জাৰি কৰিছিল। ইয়াৰ পাছত ২০২৩ চনৰ ...

November 6, 2024 10:25 AM

views 18

ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ বৈঠক

■ কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কালি গুৱাহাটীত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইনাধৰাত অনুষ্ঠিত বৈঠকখনত শ্ৰী মোহনে মুখ্য সচিব ৰবি কোটা আৰু অন্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আলফা, আদিবাসী, কাৰ্বি আৰু ডিমা নেচনেল লিবাৰেছন আৰ্মীৰ সৈতে জড়িত চুক্তিৰ পৰ্যালোচনা চলায়। গৃহ সচিবগৰাকীয়ে লগতে আত্মসমৰ্পণ কৰা বিভিন্ন গোটৰ উগ্ৰপন্থীসকলৰ পুনৰসংস্থাপনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰো পৰ্যালোচনা কৰে। আলফাৰ শান্তি চুক্তিক লৈ সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতিয়াই গৃহ সচ...

November 4, 2024 7:18 PM

views 14

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ৩ শতাংশ মৰগীয়া বানচ প্রদান সন্দৰ্ভত আনুষ্ঠানিক নির্দেশনা জাৰি

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ৩ শতাংশ মৰগীয়া বানচ প্রদান সন্দৰ্ভত আজি আনুষ্ঠানিক নির্দেশনা জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰৰ সচিবে আজি এই সন্দৰ্ভত নির্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে যোৱা ২৭ অক্টোবৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ'ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব আৰু বাকী ৪ মাহৰ বাবে কৰ্মচাৰীসকলক ৪ টা কিস্তিত বকেয়া প্রদান ...

November 2, 2024 7:08 PM

views 24

ৰাজ্য চৰকাৰৰ উদ্যোগত ৩ৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ

অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ'ব। অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্...

November 2, 2024 6:22 PM

views 12

ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ’ব

অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ'ব। অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্...

November 2, 2024 12:54 PM

views 17

মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। এই বিশেষ ছুটিত কৰ্মচাৰীসকলে ৭ নৱেম্বৰ-ষট পূজা, ৯ নৱেম্বৰ মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰকো সামৰি নিজৰ পিতৃ-মাতৃ তথা শাহু-শহুৰকো সেৱা শুশ্ৰুষা আগবঢ়াব পাৰিব। ইয়াৰ ওপৰিঞ্চিভাৱে শিক্ষা বিভাগৰ অধীনস্থ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ৯ নৱেম্বৰত পিতৃ-মাতৃ বন্দনা যোজনাৰ আওতাত বিশেষ ছুটি প্রদান কৰা হৈছে।

November 2, 2024 12:45 PM

views 18

কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ'ব। অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সময়ছোৱাত ভাষা বিষয়ক বিভিন্ন কর্মসূচীও গ্ৰহণ কৰা হ'ব। ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছে- চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনি...

November 1, 2024 7:29 PM

views 24

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। এই বিশেষ ছুটিত কৰ্মচাৰীসকলে ৭ নৱেম্বৰ-ঘট পূজা, ৯ নৱেম্বৰ-মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰকো সামৰি নিজৰ পিতৃ-মাতৃ তথা শাহু-শহুৰকো সেৱা শুশ্ৰুষা আগবঢ়াব পাৰিব। ইয়াৰ ওপৰিঞ্চিভাৱে শিক্ষা বিভাগৰ অধীনস্থ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ৯ নৱেম্বৰত পিতৃ-মাতৃ বন্দনা যোজনাৰ আওতাত বিশেষ ছুটি প্রদান কৰা হৈছে।