November 2, 2024 12:45 PM November 2, 2024 12:45 PM
7
কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন
অসমীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ'ব। অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সময়ছোৱাত ভাষা বিষয়ক বিভিন্ন কর্মসূচীও গ্ৰহণ কৰা হ'ব। ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছে- চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনি...