January 6, 2025 12:36 PM

views 28

কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ শিল্পী বঁটা; অভিনেত্ৰী ৰেবা ফুকনলৈ নটসূৰ্য ফণী শৰ্মা বঁটা

অসম চৰকাৰে অহা ১৭ জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প সংস্কৃতি আৰু সমাজ জীৱনলৈ অনৱদ্য অৱদান আগবঢ়োৱা ৫ গৰাকী বিশিষ্ট ব্যক্তিক শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা বঁটা আৰু সাহিত্যচার্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰে সন্মানিত কৰিব। বিশিষ্ট কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা ড০ অনিমা চৌধুৰী আকাশবাণী আৰু দূৰদৰ্শনৰ এ-গ্রেড স্বীকৃতিপ্রাপ্ত শিল্পী। তেওঁ অসমৰ লোক গীত-মাতসমূহ সু...